অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোটে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত কাইলৈ আদালতত অভিযোগনামা দাখিল কৰিব। অভিযোগনামা দাখিলৰ নির্ধাৰিত সময়সীমা ১৮ ডিচেম্বৰত উকলি যাব যদিও ৬ দিন পূর্বেই অভিযোগনামা দাখিল কৰা হ’ব।

আদালতত অভিযোগনামা দাখিল সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটৰ মুৰব্বী তথা বিশেষ সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাই কাইলৈ অভিযোগনামা দাখিল কৰা হ’ব বুলি আনুষ্ঠানিকভাবে প্রকাশ কৰিছে। বিষয়াগৰাকীয়ে প্ৰকাশ কৰা মতে তদন্ত প্রক্রিয়া প্রায় শেষ পর্যায়ত উপনীত হৈছে আৰু এতিয়ালৈ তিনি শতাধিক লোকৰ ভাষ্য গ্রহণ কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দর্ভত চি আই ডিত ৰুজু হোৱা ১৮/২০২৫ নম্বৰৰ গোচৰটোৰহে অভিযোগনামা আদালতত দাখিল কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। এই ঘটনা সন্দর্ভত ৰুজু হোৱা ১৯/২০২৫ নম্বৰৰ দ্বিতীয়টো গোচৰৰ তদন্ত অব্যাহত থাকিব বুলি বিশেষ তদন্তকাৰী গোটৰ মুৰব্বীগৰাকীয়ে প্রকাশ কৰিছে।
ইফালে ছিংগাপুৰত নর্থ-ইষ্ট ফেষ্টিভেল আয়োজন কৰা শ্যামকানু মহন্তৰ বিত্তীয় অনিয়মৰ অভিযোগ সন্দর্ভত সম্পূর্ণ পৃথককৈ তদন্ত কৰা হৈছে আৰু মৃত্যুৰ গোচৰটোৰ লগত সম্পর্ক নাই বুলি মুন্না প্রসাদ গুপ্তাই জানিবলৈ দিছে।



