বিহালীত পুনৰ অৰুণাচলী দপদপনিঃ

♦ বিশ্বনাথঃ যোৱা ২০ জুন তাৰিখে ৩০ জনীয় এটা দুৰ্বৃত্তৰ দলে বিশ্বনাথ জিলাৰ বিহালী বিধান সভা সমষ্টিৰ বৰঝাৰণি গাঁও পঞ্চায়তৰ অধীনৰ ভৰালীজুলিৰ মহেন্দ্ৰ ওৰাং নামৰ ব্যক্তি জনৰ ঘৰ জ্বলাই দিয়া কাৰ্যক অসম চৰকাৰৰ গৃহ বিভাগৰ চৰম ব্যৰ্থতা বুলি সমালোচনা কৰিছে বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাই। সংবাদ পত্ৰলৈ প্ৰেৰণ এক প্ৰেছ বিজ্ঞপ্তিত বৰাই উল্লেখ কৰি কয় যে বিশ্বনাথ জিলাত অৰুণাচলীৰ আগ্ৰাসন অতীজৰে পৰা চলি অহা এক পৰিকল্পিত আগ্ৰাসন।

উত্তৰ অসমৰ একমাত্ৰ জৈৱিক বৈচিত্ৰ ভৰপুৰ এক বিহালী সংৰক্ষিত বনাঞ্চলৰ বহু হেক্টৰ ভূমি বৰ্তমান অৰুণাচলীৰ কৱলত। অৰুণাচলীয়ে অসমৰ ভূমি বেদখল কৰি নিৰ্মাণ কৰিছে বিদ্যালয়, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়, গীৰ্জাৰ ঘৰ, চৰকাৰী পথ আদি নিৰ্মাণ কৰি অসমৰ শ শ বিভাগ ভূমি দখল কৰা সন্দৰ্ভত বিহালীত ধাৰাবাহিক প্ৰতিবাদ হৈছিল তাৰ লগতে বহু লোকে নিজৰ প্ৰাণ হেৰুৱা লগতে অসম অৰুণাচল সীমান্ত পৰা নিজৰ ঘৰ দুৱাৰ এৰি পলায়ন কৰা দেখা গৈছিল। তাৰ লগতে ২০১৪ চনত সীমান্ত সুৰক্ষা কৰিবলৈ যোৱা ১৫ জন নিৰীহ খিলঞ্জীয়াক অৰুণাচলী দুৰ্বৃত্ত দলে ধাৰাবাহিক ভাৱে গুলি বৰ্ষণ কৰি হত্যা কৰাৰ উপৰিও বিগত বৰ্ষত বিহালী সমষ্টিৰ বগীজুলি অঞ্চলত অসমৰ খিলঞ্জীয়া মানুহৰ গৰু মহৰ খুটি জ্বলাই বেদখল কৰাৰ চেষ্টা কৰিছিল অৰুণাচলী লোকে।

ইফালে কোঁচ ৰজা নৰনাৰায়ণৰ দিনত নিৰ্মাণ হোৱা ঐতিহাসিক গোহাঁই কমল আলিও অৰুণাচলীৰ কৱলত বুলি উল্লেখ কৰে কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাই। বৰাই কয়, অসম অৰুণাচল সীমান্তৰ সীমামূৰীয়া খিলঞ্জীয়াক ৰক্ষা কৰিবলৈ চুবুৰীয়া ৰাজ্য খনৰ লগত আলোচনা তথা সামৰিক আৰু অৰ্ধ সামৰিক বাহিনীৰ কাৰ্যালয়, ছাউনি তথা চৰকাৰী স্কুল কলেজ স্থাপন কৰি ৰাইজক নিৰাপত্তা দিয়াৰ লগতে ভুক্তভোগী উচ্ছেদিত পৰিয়াটোলৈ চৰকাৰী ভূমি আবন্টনৰ লগতে ৫ লাখ টকা সাহায্য প্ৰদান দাবী জনাই শীঘ্ৰে অসম অৰুণাচল সীমান্ত বিহালী সংৰক্ষিত বনাঞ্চল সুৰক্ষা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই কংগ্ৰেছ নেতা গৰাকীয়ে। আনহাতে যোৱা ৩০ জুন তাৰিখে জীয়াভৰালী জুলীত এজন অসমীয়া ঘৰ জ্বলাই দিলে অৰুণাচলী দুৰ্বৃত্তই তাৰ উচিত তদন্ত প্ৰদান কৰি সীমান্তত বসবাস কৰা প্ৰতিজন অসমীয়াক সুৰক্ষা নিৰাপত্তা দিবলৈ চৰকাৰক দাবী জনাই৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*