কৃষ্ণাইত ক’ভিড প্ৰটকল ভংগকাৰীৰ পৰা জৰিমনা আদায়

◊ আজিও অপ্ৰতিৰোধ্য কৰ’নাৰ সংক্ৰমণ৷ ৰাজ্য খনত এতিয়াও মহামাৰী কৰ’নাত আক্ৰান্ত হৈ আছে শ শ লোক৷ পিছে এইবোৰৰ প্ৰতি যেন গুৰত্বই নাই একাংশ জনতাৰ৷ সামাজিক দূৰত্ব বজাই ৰখাটো দূৰৈৰে কথা, সান্ধ্য আইনৰ সময়কনো যেন ঘৰত সোমাই থাকিব নোখোজে বহু লোক৷ গোৱালপাৰা জিলাৰ কৃষ্ণাইতো সুলভ তেনে দৃশ্য৷ যাৰ বাবে উপায়ন্তৰ আৰক্ষীয়ে পথৰ ওপৰত ৰাখিব লগা হৈছে কঠোৰ দৃষ্টি৷ আজি আবেলিও কৃষ্ণাই আৰক্ষীয়ে সান্ধ্য আইন ভংগ কৰি গাড়ী মটৰলৈ পথলৈ ওলাই অহা লোকৰ পৰা আদায় কৰে জৰিমণা৷ ইয়াৰ বিপৰীতে কৃষ্ণাই আৰক্ষীয়ে জনসাধাৰণক ক’ভিড প্ৰ’টকল মানি চলিবলৈ পুণঃ আহ্বান জনাইছে৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*