পৰ্বতঝোৰাঃ
● গৌৰীপুৰত ৰাইজৰ দলৰ যোগদান সভা
● ৰাইজৰ দলৰ বালাজান ব্লক সমিতি গঠন
আগন্তত বিধানসভা নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দলে তৎপৰতা বৃদ্ধি কৰাৰ সমান্তৰাল কৈ নৱ গঠিত গৌৰীপুৰ সমষ্টিতো ৰাইজৰ দলে সাংগঠনিক ভেঁটি সুদৃঢ় কৰাৰ বাবে কুচ কাৱাজ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। ৰাইজৰ দলৰ গৌৰীপুৰ সমষ্টি সমিতিৰ কাৰ্য্যালয়ত ধুবুৰী জিলা সভাপতি জামাল হকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা যোগদান সভাখনত ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ পৰা প্ৰায় অৰ্ধশতাধিক কৰ্মী আজি আনুষ্ঠানিক ভাৱে ৰাইজৰ দলত যোগদান কৰে।
উল্লেখ্য যে আজিৰ এই যোগদান সভা খনতেই গৌৰীপুৰ বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ বালাজান ব্লক সমিতি গঠন কৰে। ৰাইজৰ দলৰ বালাজান ব্লক সমিতিখন মিনহাজ মণ্ডলক সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে মঞ্জুৰ আলম দায়িত্ব দি মুঠ ৫১জনীয়া এখন শক্তিশালী সমিতি গঠন কৰে।
আজিৰ এই যোগদান সভাখনত ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক মনচুৰ ৰহমানৰ লগতে ধুবুৰী জিলাৰ এক মাত্ৰ জিলা পৰিষদৰ সদস্যা ছফুৰা খাতুন, ধুবুৰী জিলা সমিতিৰ উপ-সভাপতিদ্বয় আব্দুল ৰৌফ আৰু খাইৰুল ইছলাম, জিলা সমিতিৰ সাধাৰণ সম্পাদক গিয়াছ উদ্দীন শেখ, ধুবুৰী জিলাৰ জাতীয় নাৰী বাহিনীৰ সভানেত্ৰী নাজমা বেগম,সাধাৰণ সম্পাদিকা মুকচিনা পাৰবিন, গৌৰীপুৰ বিধানসভা সমষ্টিৰ সভাপতি মস্তাফিজুৰ ৰহমান আৰু বিভিন্ন স্তৰৰ নেতা কৰ্মী। সভা শেষত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত ধুবুৰী জিলা সভাপতি জামাল হক কয় যে ২০২৬ চনত গৌৰীপুৰ বিধান সভা সমষ্টি ৰাইজৰ দলৰ দখলত আহিব নিশ্চিত।
লগতে অহা নিৰ্বাচনত ধুবুৰীৰ জিলাৰ তিনিখনকৈ বিধান সভা সমষ্টিত ৰাইজৰ দলে প্ৰতিদ্বন্দিতা কৰিব বুলি উল্লেখ কৰে। আৰু যদিহে কংগ্ৰেছৰ সৈতে মিত্ৰতা হয় তেন্তে হাইকাণ্ডৰ পৰা যি নিৰ্দেশনা আহিব তাৰ উপৰত নিৰ্ভৰ কৰিব। ইপিনে নেতা গৰাকী কয় যে সাম্প্ৰদায়িক বিজেপিক উৎখাত কৰিবলৈ আমিও বিচাৰোঁ মিত্ৰতা হওঁক কংগ্ৰেছৰ সৈতে। আৰু যদি মিত্ৰতা নহয় তেন্তে কমপক্ষেও ৩০ ৰ পৰা ৪০ টা আসনত প্ৰতিদ্বন্দিতা কৰিব বুলি মন্তব্য কৰে। ইফালে আকৌ কংগ্ৰেছ দলৰ পৰা ৰাইজৰ দলত যোগদান কৰিয়ে এগৰাকী সদস্যই কয় যে কংগ্ৰেছ দলে বিগত সময়ত সংখ্যালঘূ ৰাইজৰ সৈতে প্ৰতাৰণা কৰিছে।






