মাননীয় সম্পাদক মহোদয়,
২০০৫ চনৰ পৰা শিক্ষাৰ্থী আৰু অভিভাৱকসকলক কেৰিয়াৰৰ বিভিন্ন বিষয়ত প্ৰত্যেক শনিবাৰে সন্ধিয়া ৬ বজাৰ পৰা ৯ বজালৈ ফোন (০৯৪৩৫১৮৮৬৩০) যোগে বিনামূলীয়া পৰামৰ্শ দি আহিছোঁ। বহু শিক্ষাৰ্থী তথা অভিভাৱকে চাকৰি গেৰাণ্টি দিয়া শিক্ষানুষ্ঠানৰ বিষয়ে জানিব বিচাৰে। যদি কোনো শিক্ষানুষ্ঠানে কোনো পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পাছত ১০০% চাকৰি দিয়া নিশ্চয়তা আছে বুলি দাবী কৰে, তেন্তে সেই দাবীটো বিশ্বাস কৰিব নালাগে। কিয়নো, চাকৰি নিযুক্তিৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ যোগাযোগ দক্ষতা, কাৰিকৰী দক্ষতা, আত্মবিশ্বাস, আৰু সাক্ষাৎকাৰৰ সময়ত দেখুৱা পাৰদৰ্শিতা আদি একাধিক কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়, কেৱল কোনো প্ৰতিষ্ঠানে দিয়া প্ৰমাণপত্ৰ বা প্ৰতিশ্ৰুতি দ্বাৰা চাকৰি নিযুক্তি নিদিয়ে । শিক্ষাৰ্থীসকলে কোনো পাঠ্যক্ৰমত নামভর্তি কৰাৰ পূর্বে শিক্ষানুষ্ঠানসমূহৰ বৈধতা,ডিগ্রীৰ মর্যাদা,ব্যৱস্থা. স্বীকৃতিপ্রাপ্তিৰ মর্যাদা আদিৰ সবিশেষ তথ্য জানি ল’ব লাগে । কেৱল শিক্ষানুষ্ঠানবোৰৰ আকৰ্ষণীয় বিজ্ঞাপনৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ্থীসকলে কোনো পাঠ্যক্ৰমত নাম ভৰ্তি কৰা উচিত নহয়। শিক্ষাৰ্থীৰ ভৱিষ্যৎ গঠন এক গুৰুত্বপূর্ণ বিষয়, আৰু সেই সন্দৰ্ভত সজাগ আৰু তথ্যভিত্তিক সিদ্ধান্ত লোৱাৰ বাবে সকলোৱে দায়িত্বশীল হ’ব লাগিব।
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয়
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com