31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    দিল্লীত জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰীসকলৰ শীৰ্ষ বৈঠক সম্পন্ন

    ডিজিটেল নিউজ ডেস্কঃ শ্ৰম আৰু নিয়োগ মন্ত্ৰী সন্তোষ গংৱাৰে জি-২০ শীৰ্ষক অনুষ্ঠানত জানিবলৈ দিয়ে যে, ভাৰতে প্ৰাক-বিদ্যালয় স্তৰৰ পৰা মাধ্যমিক পৰ্যায়লৈ গুণগত শিক্ষা নিশ্চিত কৰাৰ বাবে শৈক্ষিক আৰু দক্ষতামূলক প্ৰচেষ্ঠা অধিক শক্তিশালী কৰি তুলিছে। ইটালীৰ অধ্যক্ষতাত মঙ্গলবাৰে দিল্লীত অনুষ্ঠিত জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰীসকলৰ শীৰ্ষ বৈঠকত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে।

    পৰৱৰ্তী প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ’ব পৰাকৈ যুৱ-প্ৰজন্মক সাজু কৰি তোলাৰ ক্ষেত্ৰত শিক্ষা ব্যৱস্থা আৰু শ্ৰম বজাৰৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁ গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে। দেশৰ যুৱক-যুৱতীসকলৰ যোগ্যতা আৰু দক্ষতা বিকাশৰ বাবে ভাৰত চৰকাৰে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় যোগ্যতা আৰু দক্ষতা বিকাশৰ বাবেও ভাৰত চৰকাৰে বহুতো পদক্ষেপ গ্ৰহণ কৰিছে।

    ৰাষ্ট্ৰীয় যোগ্যতা বিকাশ অভিযানে আটাইবোৰ খণ্ড সামৰি দক্ষতা বিকাশত অৰিহণা আগবঢ়াইছে। প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা ফলত যুৱক-যুৱতীসকলৰ উদ্যোগৰ সৈতে জড়িত দক্ষতাৰ প্ৰশিক্ষণ গ্ৰহণৰ জৰিয়তে তেওঁলোকৰ বাবে উন্নত সুবিধা প্ৰদান কৰাত সহায়ক হৈছে বুলি জি-২০ অনুষ্ঠানত উল্লেখ কৰিছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds