অসমৰ ফাৰ্মাছিষ্ট সকলে দীৰ্ঘদিন ধৰি ভুগি অহা সমস্যা সমাধানৰ দাবীত এইবাৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংহলক সাক্ষাৎ কৰিলে অসম পঞ্জীভুক্ত ফাৰ্মাছিষ্ট ইউনিয়নৰ কেন্দ্ৰীয় নেতৃত্ববৰ্গই। এই সাক্ষাৎত অসম পঞ্জীয়ন ভুক্ত ফাৰ্মাছিষ্ট ইউনিয়ন চমুকৈ আৰপুৱে শীঘ্ৰে ডি ফাৰ্ম উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলৰ ইন্টাৰ্নশ্বীপৰ ব্যৱস্থা কৰিবলৈ মন্ত্ৰী অশোক সিংহলৰ ওচৰত দাবী উত্থাপন কৰে। তদুপৰি অসম ফাৰ্মাচী পৰিষদৰ নিৰ্বাচনত ফ্ৰম চি আৰু বেলট পেপাৰ জ্বলাই দিয়া ঘটনাৰ উচিত তদন্ত কৰি দোষীক দৃষ্টান্ত মূলক শাস্তি দিবলৈ আহ্বান জনায়। সমান্তৰালভাৱে অসমত আৰ পি লাইচেঞ্চ বাতিল, ফাৰ্মাচী কাউঞ্চিল অব ইণ্ডিয়াৰ এফিলেশ্বন নথকা কলেজ, অসমত অবৈধ ভাৱে থকা ফাৰ্মাচী সমুহ বন্ধ কৰিবলৈ মন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰে আৰপুৰ বিষয়ববীয়াই। একেদৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনস্থ ফাৰ্মাছিষ্ট সকলৰ উপযুক্ত দৰমহা আৰু মৰ্যদাশীল পদোন্নতিৰ দাবী কৰে আৰপুৱে। ইফালে আৰপুৰ এনে কেতবোৰ দাবীৰ পিছতে স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে অহা ৭ দিনৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়া বুলি জানিবলৈ দিয়ে আৰপুৰ শীৰ্ষ নেতৃবৰ্গই।
Leave a Reply