গুৱাহাটীৰ অসম – মেঘালয় সীমান্তৰ ৰাণীৰ গণপতিত ৰাণী ফেলোশ্বিপৰ উদ্যোগত বিগত বছৰ সমুহৰ দৰে এইবেলিও অহা ২৫ ডিচেম্বৰত এদিনীয়া কাৰ্যসূচীৰে শুভ বৰদিন উদযাপনৰ আয়োজন কৰা হৈছে। ২৫ ডিচেম্বৰত দিনৰ ১১ বজাত বৰদিনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব। কাৰ্যসূচীত বাইবেল শিক্ষা প্ৰদান কৰিব ৰেভাৰেণ্ড শ্যাম হৰ্ষ চেৰেঙে । নিশা ৭ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া কাৰ্যসূচীত বাইবেল শিক্ষা প্ৰদান কৰিব আৰ্ণমিং মাৰাকে।
নিশা ৯ বজালৈ অনুষ্ঠিত হবলগীয়া কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অৰ্ণমি৬ বজাত দুৱাৰ মুকলি আৰু কৰ্মকৰ্তা সকলক আসনলৈ আহ্বানৰে বৰদিনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব প্ৰতাপ দলৈয়ে। ২৫ ডিচেম্বৰৰ দিনা দিনৰ ১১ বজাৰ পৰা স্তুতি প্ৰশংসাৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব। তাৰ পাছত শাস্ত্ৰ বাক্য পাঠ কৰিব জয়শ্ৰী ডেকা দলৈয়ে। সিদিনা সন্ধিয়া ছয় বজাৰ পৰা নিশালৈ কেবাটাও কাৰ্যসূচী সম্পন্ন কৰা হব।
Leave a Reply Cancel reply