কটন বিশ্ববিদ্যালয়ৰ এলামনাই হলত ডাঃ শুভ্ৰ কিংকৰ গোস্বামীৰ হাস্য ব্যংগৰ পুথি” ইমাৰজেন্সী লেণ্ডিং” উন্মোচন


গুৱাহাটী: কটন বিশ্ববিদ্যালয়ৰ এলামনাই হলত আজি অনুষ্ঠিত এক গ্ৰন্থ উন্মোচনী সভা আৰু হাস্য ব্যংগৰ এক অনানুষ্ঠানিক অনুষ্ঠান সম্পন্ন হয়৷ অনুষ্ঠানত ডাঃ শুভ্ৰ কিংকৰ গোস্বামীৰ দ্বাৰা ৰচিত হাস্য ব্যংগৰ পুথি “ইমাৰজেন্সী লেণ্ডিং“ উন্মোচন কৰে ক্ৰমে – বিশিষ্ট সাহিত্যিক তথা প্ৰকাশক নবীন বৰুৱা, জনপ্ৰিয় লিখক ত্ৰিনয়ন সন্দিকৈ, বিশিষ্ট শিল্পী দীনেশ দাস আৰু জ্যেষ্ঠ চকু ৰোগ বিশেষজ্ঞ ডাঃ আাতিকুল হুছেইনে৷

মণিকুট প্ৰকাশনে প্ৰকাশ কৰা এই পুথিখন উন্মোচন কৰি আটাইকেইগৰাকী বক্তাই অসমীয়া সাহিত্যত হাস্য ব্যংগৰ পুথিৰ অভাৱৰ কথা উল্লেখ কৰে আৰু “ইমাৰজেন্সী লেণ্ডিং“ৰ নিচিনা পুথিয়ে সেই অভাৱ পূৰণ কৰাত সহায়ক হব বুলি আশা প্ৰকাশ কৰে৷ ইয়াৰ পিচতেই এখন হাস্য ব্যংগৰ অনুষ্ঠান আৰম্ভ হয়৷ জ্যেষ্ঠ শিল্পী দীনেশ দাস, ডাঃ অঞ্জনজ্যোতি চৌধুৰী, জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা, ডাঃ জয়ন্ত কুমাৰ দাস, লীনা শৰ্মা, প্ৰদীপ পূজাৰী, যোগানন্দ মহন্ত, বিশিষ্ট সৰোদ বাদক তৰুণ কলিতা, কবি সঞ্জীৱ গোহাঞি বৰুৱা, ৰঞ্জন চক্ৰৱৰ্তী, ডাঃ শিশিৰ কুমাৰ নাথ আৰু উপস্থিত বহুতো লোকেই হাস্যব্যংগ আৰু গীতৰ মাধ্যমেৰে নিজৰ জীৱনৰ বিভিন্ন মোহনীয় অভিজ্ঞতাৰ কথা বৰ্ণনা কৰি অনুষ্ঠানটি জীপাল কৰি তোলে।

অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই প্ৰকাশন গোষ্ঠী মণিকুটৰ হৈ ডাঃ বিজুলী গোস্বামীয়ে৷ আনহাতে অনুষ্ঠানটো সঞ্চালনা কৰে আকাশবাণীৰ প্ৰচলন প্ৰযোজক ইন্দ্ৰজিত দাসে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*