শিৱসাগৰত ৫০ বছৰীয়া পাষণ্ডৰ কামনাৰ বলি এগৰাকী কিশোৰী

■ নাজিৰাৰ পৰা পাৰ্থ প্ৰতিম বৰুৱাঃ শিৱসাগৰ নাজিৰাৰ মাদুৰীত ঘটিল এক জঘন্য ঘটনা। প্ৰায়  ৫০ বছৰীয়া বৃদ্ধৰ যৌন নিৰ্যাতন এগৰাকী কিশোৰীক। পানী যোগান আঁচনিৰ গৃহত ঘটিল এই জঘন্য ঘটনা।

এজন বৃদ্ধৰ কামনাৰ বলি হ’ল সপ্তম শ্ৰেণীত অধ্যয়নৰত এগৰাকী কণমানি ছাত্ৰী।

সপ্তম শ্ৰেণীত অধ্যয়নৰত পিতৃ-মাতৃহীন কণমানি গৰাকী ৫০ বছৰীয়া জগদীশ মহন নামৰ এটা লম্পটে উপযুপৰি যৌন নিৰ্যাতন চলায়।

পুৱাই কণমানি গৰাকীয়ে ঘৰৰ সন্মুখত থকা চৰকাৰী পানী যোগান আঁচনিত মুখ ধুবলৈ গৈছিল। আৰু তাৰেই অচিলাৰে এই বৃদ্ধ লম্পট জগদীশ মহনে উপযুপৰি যৌন নিৰ্যাতন চলায়। লম্পট জগদীশ মহন মাদুৰীৰ এই পানী যোগান আঁচনিৰ এজন কৰ্মচাৰী বুলি জানিব পৰা গছে।

কিশোৰী গৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত অৱশেষত নাজিৰা আৰক্ষীয়ে লম্পট জগদীশ মহনক আটক কৰিবলৈ সক্ষম হয়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*