31.3 C
Guwahati
Sunday, November 9, 2025
More

    শেহতীয়া আপডেটঃ

    সমাগত ৰে’লৱেৰ ট্ৰেড ইউনিয়ন স্বীকৃতিৰ নিৰ্বাচনঃ হৰ্ডিং , বেনাৰ, পোষ্টাৰ, জনসভাৰে এফ ৰে’লৱে এম্পলইজ ইউনিয়নৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান

    মালিগাঁওঃ ভাৰতীয় ৰে’লৱেত ট্ৰেড ইউনিয়নৰ প্ৰশাসনীয় স্বীকৃতিৰ বাবে অহা ৪. ৫ আৰু ৬ ডিচেম্বৰত দেশজুৰি নিৰ্বাচন অনুষ্ঠিত হ’ব। এই নিৰ্বাচনত জয়ী হ’বলৈ মুঠ ভোটাৰৰ শতকৰা ৩০% অথবা ভোটদানৰ ৩৫% পালে সেই সংগঠনে স্বীকৃতি লাভ কৰিব। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বিগত ২০১৩ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত এন এফ ৰে’লৱে এম্পলিইজ ইউনিয়নে ৰে’লৱেৰ ৫৪ শতাংশ শ্ৰমিক-কৰ্মচাৰীৰ ভোট লাভ কৰি উত্তৰ পূৱ সীমান্ত ৰে’লৱেত অপ্ৰতিদ্বন্দ্বী ট্ৰেড ইউনিয়নৰ মৰ্যাদা লাভ কৰিছিল। উল্লেখ্য যে ৰে’লৱে বোৰ্ডে ২০০৭ বৰ্ষৰ পৰা এই নিৰ্বাচন অনুষ্ঠিত কৰি আহিছে । আনহাতে ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনে জানিবলৈ দিয়া মতে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ উদ্দ্যেশ্যেৰে ২৩ অক্টোবৰত এন এফ ৰে’লৱে এম্পলইজ ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন শইকীয়াৰ নেতৃত্বত তিনি সহস্ৰাধিক সদস্যই বিশাল সমদল কৰি উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰিছিল।

    তাৰ পাছত বিধি অনুসৰি ৯ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান আৰু এই প্ৰচাৰ অভিযানৰ ২ ডিচেম্বৰত সামৰণি পৰিব। নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অংশ হিচাপে বিগত কেইটামান দিনত এম্পলইজ ইউনিয়নে উত্তৰ পূব সীমান্ত ৰেলৱেৰ অধীনৰ লিডুৰ পৰা কাটিহাৰলৈ আৰু আগৰতলাৰ পৰা মূৰ্কংচেলেঙলৈকে ৰেলৱেৰ কাৰ্যালয় চৌহদ, আৱাসিক এলেকা সমূহত বেনাৰ, পোষ্টাৰ, হৰ্ডিং, সৰু সৰু পথ সভা, জন সভা আদিৰে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে। নিৰ্বাচনী প্ৰচাৰ সভা সমূহত ভাগ লৈ এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন শইকীয়াই কয় জন্মলগ্নৰে পৰা ইউনিয়নে ৰেলৱেৰ শ্ৰমিক – কৰ্মচাৰীৰ নাৰ্য্য প্ৰাপ্তিৰ হকে মাত মাতি আহিছে। নতুন পেন্সন নীতি বাতিল আৰু পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত যি আন্দোলন আৰম্ভ কৰিছে সেয়া মানি নোলোৱালৈকে চলি থাকিব। আগন্তুক নিৰ্বাচনত পূৰ্বতকৈ যাতে অধিক ভোট লাভ কৰিব পাৰি তাৰ বাবে হাতে-কামে সকলোৱে নামি পৰিব লাগিব । ইফালে সভা সমূহত এন এফ ৰে’লৱে এম্পলইজ ইউনিয়ন জিন্দাবাদ, এন এফ আই আৰ জিন্দাবাদ, শ্ৰমিক ঐক্য জিন্দাবাদ, মুনীন শইকীয়া জিন্দাবাদ ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলা হৈছে। জানিব পৰা মতে সভা সমূহত ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াৰ উপৰিও মাণ্ডলিক কমিটি আৰু নিজ নিজ অঞ্চলৰ শাখা কমিটিৰ কৰ্মকৰ্তা সকলেও ভাগ লৈছে। ইফালে প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনে সদৰি কৰা অনুসৰি এইবেলি নিৰ্বাচনত ২০১৩ চনতকৈ অধিক ভোট লাভ কৰিব বুলি আশাবাদী। কিয়নো যোৱা প্ৰায় দহটা দিনত যতেই সভা অনুষ্ঠিত হৈছে তাতেই এম্পলইজ ইউনিয়নৰ প্ৰতি ৰে’লৱেৰ শ্ৰমিক – কৰ্মচাৰী সকলে ব্যাপক সঁহাৰি দিয়া পৰিলক্ষিত হৈছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds