ভট্টাদেৱ বিশ্ববিদ্যালয়ত ৰমাইলো ভেটঘাট অনুষ্ঠান

ঐক্য আৰু সাংস্কৃতিক বিনিময়ক প্ৰসাৰিত কৰা ভট্টাদেৱ বিশ্ববিদ্যালয় গোৰ্খা ছাত্ৰ সন্থাই আজি পাঠশালাৰ আজাদ ভৱনত এক সংস্কৃতিক অনুষ্ঠান আয়োজন কৰে । ঋতম ধুংগেলে আঁতধৰা ৰামাইলো ভেটঘাট শীৰ্ষক উক্ত অনুষ্ঠানত সকলো অসমৰ বিভিন্ন প্ৰান্তৰ গোৰ্খা ছাত্ৰ-ছাত্ৰীক অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক জন চৌহান , সংস্কৃতিক সম্পাদক তৃদ্বীপ বিষ্ট, জালাহাটত অৱস্থিত ৰসায়ন বিজ্ঞানৰ অধ্যাপক বি বি কিষাণ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক ৰশন গুৰুং, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ বি টি আৰ ক্ষেত্ৰীয় সমিতিৰ উপ-সভাপতি দিপেন্দ্ৰ কাৰ্কী আৰু শিক্ষা সম্পাদক বিজয় গৌতম , সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বাক্সা জিলাৰ জিলাৰ সভাপতি পাৰচ পৰাজুলি, ধৰি কেইবাগৰাকীও সন্মানীয় অতিথি উপস্থিত থাকে।


আন আন বিশিষ্ট অতিথিসকলৰ ভিতৰত ভ্ট্টদেৱ বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক কনক দাস বজালী সাহিত্য সভাৰ সভাপতি গিৰিধৰ চৌধুৰী, বাক্সা জিলা গোৰ্খা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক পুষ্প ভট্টৰাই , অসম জাতীয়তাবাদী ছাত্ৰ পৰিষদৰ সহকাৰী সম্পাদক মিৰ্দুল তালুকদাৰ,ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নৱ নিৰ্বাচিত ছাত্ৰ একতা সভাৰ বিষয়ববীয়া ৰ লগতে বিভিন্ন দলীয় সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। আমাৰ সমাজখনক সংজ্ঞায়িত কৰা ঐক্য আৰু সাংস্কৃতিক বিনিময়ৰ মনোভাৱৰ প্ৰমাণ এই অনুষ্ঠানটো আছিল।

Be the first to comment

Leave a Reply

Your email address will not be published.


*