কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ভাষা গৌৰৱ সপ্তাহ পালন

অসমীয়া ভাষাটোক সদায় মাতৃৰ মুখৰ মৰ্যাদাসম্পন্ন ভাষা হিচাপে শ্ৰদ্ধাসহকাৰে প্ৰয়োগ কৰিব লাগিব

গুৱাহাটীঃ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰা গৌৰৱময় সময়চোৱা মধুৰ কৰি ৰখাৰ উদেশ্যে উদযাপিত ভাষা গৌৰৱ সপ্তাহ আজি কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়তো পালন কৰা হয়। পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসৰ নেতৃত্বত, জ্যেষ্ঠ যান-বাহন পৰিদৰ্শক অচিন্ত্য কুমাৰ সেনকে ধৰি বিভিন্ন বিষয়া-কৰ্মচাৰী সকলৰ উপস্থিতিত দিনজোৰাকৈ অনুষ্ঠিত ভাষা গৌৰৱ উদযাপন কাৰ্যসূচীৰ আৰম্ভণিতে সভাৰ উদ্দেশ্য বাখ্যা কৰি অৰূপ কুমাৰ বৰ্মনে আমাৰ মাতৃভাষা অসমীয়াৰ সৌন্দৰ্য আৰু মাধূৰ্যৰ কথা উল্লেখ কৰে। অসমীয়া ভাষাৰ বিভিন্ন আলোচনী, কিতাপ আদি নিয়মীয়াকৈ অধ্যয়ন কৰি গল্প, কাহিনীৰ মাজত অন্তৰ্নিহিত নিৰহ নিপানী অসমীয়া ভাষাটোৰ ৰসাস্বাদন কৰিবলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়। ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচীত মুখ্য বক্তা হিচাপে ভাষণ দি জ্যেষ্ঠ যানবাহন পৰিদৰ্শক দেৱাংশু দওই অসমীয়া জাতিৰ প্ৰথম পৰিচয় অসমীয়া ভাষাটোক সদায় মাতৃৰ মুখৰ মৰ্যাদাসম্পন্ন ভাষা হিচাপে শ্ৰদ্ধাসহকাৰে প্ৰয়োগ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে প্ৰাচীন কালৰে পৰা আজি পৰ্যন্ত অগণন পণ্ডিত-গৱেষকে অশেষ ত্যাগ কষ্ট কৰি অসমীয়া ভাষাটোক আজিৰ সন্মানজনক পৰ্যায়ত উপনীত কৰাইছে। যাৰ ফলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভাষাটোক ধ্ৰুপদী ভাষাৰ মৰ্যদা প্ৰদান কৰে।

অসমক এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ হ’লেও ইয়াৰ জনগনে নিজৰ ভাষাটোৰ প্ৰতি সদায় দায়বদ্ধ আৰু কৃতজ্ঞ হৈ থাকিব লাগিব বুলিও তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ইফালে সভাত উপস্থিত থকা বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ মাজত অসমীয়া ভাষা, সাহিত্য-সংস্কৃতিৰ বিকাশৰ সংকল্পৰে কেইবাটাও শপত বাক্য পাঠ কৰায়।

সভাখনত জ্যোতিষ কৈৱৰ্ত্তই বক্তব্য আগবঢ়াই অসমীয়া ভাষাটোৰ আজিৰ মৰ্যাদা প্ৰাপ্তিৰ কাৰণে অহোপুৰুষাৰ্থ কৰা বিভিন্ন ভাষাবিদ, সাহিত্যিকৰ প্ৰসঙ্গ উল্লেখ সেইসকলৰ আদৰ্শ যুগমীয়া কৰি ৰখাৰ স্বাৰ্থতে প্ৰতিখন ঘৰকে ধৰি বিদ্যালয়, মহাবিদ্যালয় সমূহত ভাষা-সাহিত্যৰ নিয়মীয়া চৰ্চা অব্যাহত ৰখাত গুৰুত্ব দিয়ে ৷ সভাত উপস্থিত সকলৰ মাজত অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ সূচীত অন্তৰ্ভুক্ত কৰাত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ সদিচ্ছাৰ শলাগ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ লিখি উলিওৱা অভিনন্দন পত্ৰ পাঠ কৰা হয়। শলাগৰ শৰাইৰে সভাৰ অন্ত পৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*