গুৱাহাটীঃ মহানগৰীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত মহাবিদ্যালয়খনৰ প্ৰাক্তন প্ৰাগজ্যোতিষীয় সতীৰ্থ সন্মিলনৰ উদ্যোগত আৰু অসমীয়া বিভাগৰ সহযোগত “ভাষা গৌৰৱ সপ্তাহ” উপলক্ষ্যে আজি এক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়৷ প্ৰাক্তন প্ৰাগজ্যোতিষীয় সতীৰ্থ সন্মিলনৰ সভাপতি ধ্ৰুৱজ্যোতি মৰলৰ সভাপতিত্বত অনুষ্ঠিত বক্তৃতানুষ্ঠানটো মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনোজ কুমাৰ মহন্তৰ উদ্বোধনী ভাষণেৰে শুভাৰম্ভ কৰা হয়।
মহাবিদ্যালয়ৰ বৰ্তমানৰ আৰু প্ৰাক্তন বহু ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক – শিক্ষয়ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড০ সুৰভি মাধুৰী গগৈয়ে “অসমীয়া ভাষাঃ ধ্ৰুপদী ভাষাৰ স্বীকৃতি” শীৰ্ষক এক গুৰুত্বপূৰ্ণ বক্তৃতা প্ৰদান কৰে। প্ৰাক্তন প্ৰাগজ্যোতিষীয় সতীৰ্থ সন্মিলনৰ উপদেষ্টা অপূৰ্ব দাস আৰু অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড০ ইন্দ্ৰাণী কলিতায়ো “ভাষা গৌৰৱ সপ্তাহ”ৰ সামৰণি অনুষ্ঠান সন্দৰ্ভত মন্তব্য প্ৰদান কৰে।
অনুষ্ঠানত প্ৰাগজ্যোতিষীয় সতীৰ্থ সন্মিলনৰ তৰফৰ পৰা অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ ক্ষেত্ৰত উদ্যোগ লোৱাৰ বাবে অসম চৰকাৰৰ লগতে ভাৰতীয় সাংস্কৃতিক মন্ত্ৰণালয়লৈ ধন্যবাদ সূচক প্ৰস্তাৱ প্ৰেৰণ কৰে। শেষত শলাগৰ শৰাই আগবঢ়াই প্ৰাক্তন প্ৰাগজ্যোতিষীয় সতীৰ্থৰ হৈ ৰাতুল ভট্টাচাৰ্যই।
Leave a Reply Cancel reply