31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    জালুকবাৰীত কৃতি শিক্ষয়িত্ৰী শশী প্ৰভা দেৱীৰ ওপজা দিন উদযাপন

    জালুকবাৰীঃ গুৱাহাটীৰ জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদৰ নিজৰাপাৰ নিৱাসী, আমিনগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী, ধৰ্মপ্ৰানা মহিলা, শশী প্ৰভা দেৱীৰ ৭৯ সংখ্যক ওপজা দিন তেঁওৰ নিজ বাসভৱনত ২ নৱেম্বৰৰ দিনা সন্ধিয়া পালন কৰা হয়। এই উপলক্ষে পৰিয়ালৰ সদস্য তথা গুণমুগ্ধ সকলে গীত মাত আৰু শশী প্ৰভা দেৱীৰ সৈতে থকা সান্নিধ্য আৰু সাংস্কৃতিক-সমাজ জীৱনলৈ তেওঁ আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰে।

    মৈত্ৰেয়ী দেৱীয়ে জন্মদিন উপলক্ষে পৰিবেশন কৰা এটি গীতৰ পাছতে প্ৰতিৱেশী বিশিষ্ট ভূত্তত্ব বিজ্ঞানী ডঃ মৃণ্ময় শৰ্মা, সু-চিকিৎসক ডাঃ অনিল কুমাৰ শৰ্মা, অৱসৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ যোগেশ্বৰী বৰুৱা, সাংস্কৃতিক কৰ্মী নীৰেন চন্দ্ৰ বৈশ্য, বিশিষ্ট কবি নিৰুপমা পতংগীয়া শইকীয়া, শশী প্ৰভা দেৱীৰ ভনীয়েক শিশু চিকিৎসক ডাঃ দীপ্তি ৰাণী দেৱী, শিক্ষা বিষয়া অৰ্চনা দেৱী, ভাতৃ তথা আৱাহন থিয়েটাৰৰ সংগীত পৰিচালক দেৱেশ্বৰ শৰ্মা, ভতিজা জনপ্ৰিয় অভিনেত্ৰী চন্দনা শৰ্মা প্ৰমুখ্যে ব্যক্তিসকলে বক্তব্য আগবঢ়ায়। ৰং ৰহইছ অনুষ্ঠানত ডঃ মুনমী দেৱী, ডঃ ময়ুৰী শৰ্মা, দিলীপ শৰ্মা, ঈশ্যাণী কাশ্যপ, ৰাজনভো শৰ্মা, দীপালিম কৌশিকে গীত পৰিৱেশন কৰে।

    পৰিয়ালৰ হৈ ডাঙৰ বোৱাৰী মনিৰূপা মিশ্ৰই উপস্থিত সকলোকে ৰোগাক্ৰান্ত শাহু মা শশী প্ৰভা দেৱীক এনেদৰে বাসগৃহলৈ আহি জন্মদিনৰ শুভেচ্ছা জনোৱাত আৰু উৎসাহিত কৰাত ধন্যবাদ জ্ঞাপন কৰে আৰু উদ্যোক্তা সকলৰ এনে আয়োজনৰ শলাগ লয়।

    অনুষ্ঠানটোৰ আঁত ধৰে অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চিকিৎসালয়ৰ চিকিৎসা কৰ্মী তথা বিশিষ্ট সমাজকৰ্মী বিপুল গোস্বামীয়ে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds