■ মমতাময়ী মাতৃৰ সজল স্মৃতি ধৰি ৰখাৰ অনন্য প্ৰয়াসক আদৰণি অভিনেত্ৰী মলয়া গোস্বামীৰ
গুৱাহাটীঃ সাহিত্য-সংস্কৃতিৰ বহল পথাৰখনৰ লগত জড়িত হৈ থকা এটি সম্ভ্ৰান্ত পৰিয়ালে বিগত এক দশকৰো অধিক কাল ধৰি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে। মাতৃ পুষ্পাদেৱী জালানৰ পৱিত্ৰ সোঁৱৰণত ভাষা-সাহিত্য-সংস্কৃতিৰ পূৰ্ণাংগ মাহেকীয়া আলোচনী ‘বাৰ্তাপখিলী’ৰ সহযোগত জালান পৰিয়ালবৰ্গই প্ৰদান কৰি আহিছে এটি গুৰুত্বপূৰ্ণ সন্মান। আজি গুৱাহাটী প্ৰেছ ক্লাবত দিনৰ ১১.১৫ বজাত অনুষ্ঠিত এখনি গাম্ভীৰ্যপূৰ্ণ সভাত এই বঁটাটি প্ৰদান কৰে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অভিনেত্ৰী তথা অসমীয়া চলচ্চিত্ৰ জগতৰ মোহময়ী বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীসহ বিশিষ্ট কবি আনিছ উজ জামান আৰু খুহুতীয়া গদ্য লেখক তথা বিশিষ্ট শিল্পী ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে। আৰ জে সুজিতাই আঁতধৰা গাম্ভীৰ্যপূৰ্ণ সভাৰ পূৰ্বে পুষ্পাদেৱী জালানৰ প্ৰতিচ্ছবিৰ কাষত বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় বিভাগৰ মুৰব্বী অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ মুকুল চক্ৰৱৰ্তী।
‘বাৰ্তাপখিলী’ৰ সম্পাদক ব্ৰজেন্দ্ৰ নাথ ডেকাই উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা সভাখনিত আদৰণী ভাষণ ৰাখে ড০ মুকুল চক্ৰৱৰ্তীয়ে। উল্লেখ্য যে যোৱা ২০১২ বৰ্ষৰ পৰা ধাৰাবাহিকভাৱে গুৱাহাটীস্থিত বিশাল প্ৰকাশনৰপৰা প্ৰকাশিত ‘মাহেকীয়া বাৰ্তাপখিলী’য়ে চল্লিশোধৰ্ৰ লেখিকাক সৰবৰহী মহিলা পুষ্পাদেৱী জালানৰ সোঁৱৰণত সাহিত্য বঁটা প্ৰদান কৰি আহিছে৷ চল্লিশোৰ্ধৰ লেখিকা এগৰাকীৰ শ্ৰেষ্ঠ প্ৰবন্ধ-নিবন্ধ সংকলন নিৰ্বাচকমণ্ডলীৰ দ্বাৰা বাছনি কৰি ‘পুষ্পাদেৱী জালান সাহিত্য বঁটা’ প্ৰদান কৰা হয়৷ ‘বাৰ্তাপখিলী’ৰ ত্ৰিশ বৰ্ষত পদাৰ্পণ আৰু সৰবৰহী মহিলা পুষ্পাদেৱী জালানৰ ত্ৰয়োদশ মৃত্যু বাৰ্ষিকী উপলক্ষে এইবেলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ড০ মুক্তা বিশ্বাসক তেওঁৰ সৃষ্ট ‘উপনিষদৰ ভাবাদৰ্শত মানৱতাবাদ’ শীৰ্ষক প্ৰবন্ধ সংকলনৰ বাবে নিৰ্বাচিত কৰি আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। এই বঁটাৰ লগত ২১ হাজাৰ টকাসহ এটি স্মাৰক, গ্ৰন্থৰ টোপোলা আৰু মানপত্ৰৰে ড০ বিশ্বাসক প্ৰদান কৰা হয়। সভাত বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীয়ে বক্তব্য ৰাখি মমতাময়ী মাতৃৰ সজল স্মৃতিক সন্তান তথা পৰিয়ালবৰ্গই এইদৰে ধৰি ৰখাৰ অনন্য প্ৰয়াসক প্ৰশংসা কৰে। ঠিক সেইদৰে বিশিষ্ট কবি তথা সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি আনিছ উজ জামান আৰু ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে। এই বঁটা প্ৰদান অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ ৰাজেন্দ্ৰ নাথ শৰ্মায়ো বক্তব্য ৰাখি বঁটা দাতা পৰিয়াল আৰু বঁটাপ্ৰাপকক উদ্দেশ্যি নাতিদীৰ্ঘ বক্তব্য ৰাখে। উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃতত স্নাতকোত্তৰ শ্ৰেণীত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ তিনিটাকৈ স্বৰ্ণপদক লাভ কৰি পৰৱতী সময়ত একেখন বিশ্ববিদ্যালয়তে অধ্যাপিকাৰূপে কৰ্মজীৱন আৰম্ভ কৰা ড০ মুক্তা বিশ্বাসৰ তত্ত্বাৱধানত ১৬গৰাকী গৱেষকে পি এইচ ডি আৰু এম ফিল উপাধি লাভ কৰিছে৷ বিভিন্ন বঁটাৰে সন্মানিত ড০ বিশ্বাসে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ আৰু সন্মিলনত যোগদান কৰি অধ্যাপিকা হিচাপে কানাডা, থাইলেণ্ড, বাংলাদেশ আদি দেশ ভ্ৰমণ কৰিছে৷ তেখেত বৰ্তমান কেবাখনো বিশ্ববিদ্যালয়ৰ বিদ্যায়তনিক চৰ্চাৰ সৈতে জড়িত হৈ আছে৷ উল্লেখ্য যে ত্ৰয়োদশ বৰ্ষৰ ‘পুষ্পাদেৱী জালান সাহিত্য বঁটা’টি এই গাম্ভীৰ্যপূৰ্ণ সভাত প্ৰদান কৰা হয়। এই গাম্ভীৰ্যপূৰ্ণ সভাতে বঁটাপ্ৰাপক ড০ মুক্তা বিশ্বাসে এগৰাকী মাতৃৰ স্মৃতিত প্ৰদান বঁটা লাভ কৰি গৌৰৱ অনুভৱ কৰাৰ লগতে পিতৃৰ বৃটিছ প্ৰশাসনৰ চাকৰিয়াল হিচাপে আমি বাংলা ভাষা পঢ়িব লগা হোৱাত অসমীয়া ভাষা অধ্যয়নৰ পৰা বঞ্চিত হৈছিলো। পৰৱৰ্তী সময়ত অসমীয়া ভাষাৰ যি মাধুৰ্য উপলব্ধি কৰি অধ্যয়ন কৰিবলৈ ল’লো। তেনে দৰেই অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰিবলৈ মন মেলিলো বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। বঁটা প্ৰদান অনুষ্ঠানত দাতা পৰিয়ালৰ হৈ ‘বাৰ্তাপখিলী’ৰ কাৰ্যকৰী সম্পাদক গোপাল জালানসহ পৱন জালান, ৰাজ কুমাৰ জালান আৰু ‘বাৰ্তাপখিলী’ৰ সম্পাদক ব্ৰজেন্দ্ৰ নাথ ডেকাসহ সহকাৰী সম্পাদক দুৰ্গাপ্ৰসাদ হাজৰিকা, বিপুল কুমাৰ দিহিঙীয়াই অংশগ্ৰহণ কৰে৷ ‘বাৰ্তাপখিলী’ সহকাৰী সম্পাদক বিপুল কুমাৰ দিহিঙীয়াই শলাগৰ শৰাই আগবঢ়োৱা সভাত ‘দৈনিক পূৰ্বোদয়’ৰ সম্পাদক ৰবিশংকৰ ৰবি, বিশিষ্ট লেখিকা ড০ নমিতা ডেকা, ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য, ৰীণা দেৱী, ডাঃ গৌতম কুমাৰ দাস, প্ৰবাল খাউণ্ড, তপন দত্ত, প্ৰবীণ কুমাৰ দাস, নীলোৎপল বেজবৰুৱা, দিগন্ত চৌধুৰী, সমীৰণ বৰুৱা, কমলাক্ষী বৰা, চন্দনা ভাগৱতী, ভূমিকা দাসকে ধৰি সাহিত্য-সংস্কৃতিজগতৰ ভালেসংখ্যক গণ্য-মান্য লোকে অংশগ্ৰহণ কৰে।
Leave a Reply