বিলাসীপাৰাৰ বগৰীবাৰীত দিনক দিনে বৃদ্ধি পাইছে এইডচ আক্ৰান্ত ৰোগীৰ সংখ্যা

♦ বিলাসীপাৰাৰ সমজিলাৰ সীমান্ততবৰ্তী পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰীত দিনক দিনে বৃদ্ধি পাইছে এইডচ আক্ৰান্ত ৰোগীৰ সংখ্যা। বিগত এমাহৰ ভিতৰত প্ৰায় ৬/৭ গৰাকী এইডচ আক্ৰান্ত ৰোগী চিনাক্ত কৰি উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হস্পিটেল লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে।

বৰ্তমান সমাজত চলি থকা ড্ৰাগছ আসক্ত যুৱকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি ৰ ফলত এনে ভয়াৱহ ৰোগীৰ সংখ্যা বাঢ়ি আহিছে বুলি চিকিৎসকৰ এক সূত্ৰে প্ৰকাশ কৰে। ইতিমধ্যে বগৰীবাৰী এম জি মডেল হস্পিটেলত ড্ৰাগছ আসক্ত ব্যাক্তিৰ তেজ পৰীক্ষা কৰাৰ ফলত পোহৰ লৈ আহিছে এই ভয়ংকৰ তথ্য।

Be the first to comment

Leave a Reply

Your email address will not be published.


*