নৰ্থ গুৱাহাটী জাৰ্ণেলিষ্ট ফ’ৰামৰ বৰ অসম বাৰ্তাৰ শাৰদীয় সংখ্যা উন্মোচন

সাংবাদিক সকলে সমাজখন জিলিকাই তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰেঃ ৰঞ্জিত ভট্টাচাৰ্য

উত্তৰ গুৱাহাটীঃ বৰ অসম বাৰ্তাৰ শাৰদীয় সংখ্যাই সমগ্ৰ কামৰূপ অঞ্চলৰ ঐতিহ্যমণ্ডিত পীঠসমূহৰ সমূহৰ ইতিহাস প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে লগতে বৰ অসম বাৰ্তাই নৱ প্ৰজন্মক অসমীয়া ভাষা লিখা আৰু পঢ়াৰ বাবে এখন মঞ্চ প্ৰদান কৰি আহিছে।
নৰ্থ গুৱাহাটী জাৰ্ণেলিষ্ট ফ’ৰামৰ দ্বাৰা প্ৰকাশিত সাপ্তাহিক “বৰ অসম বাৰ্তা”ৰ শাৰদীয় বিশেষ সংখ্যাটি উন্মোচন কৰি মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে এনেদৰে কয়৷

আমিনগাঁৱৰ লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বাংলোত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ফ’ৰামৰ হৈ জ্যেষ্ঠ সাংবাদিক কুমুদ তালুকদাৰ আৰু কৌশিক দাসে সম্পাদনা কৰা বৰ অসম বাৰ্তাৰ উন্মোচনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে তেওঁৰ ভাষণত কয় যে এনে আলোচনী প্ৰকাশে অসমীয়া ভাষা সাহিত্যৰ উন্নতি ঘটোৱাৰ লগতে একাংশ লেখকৰো জন্ম দিয়ে৷

উত্তৰ গুৱাহাটী সাহিত্য সভাৰ সম্পাদক কমল বৰাই আঁত ধৰা অনুষ্ঠানটিত আদৰণি ভাষণ আৰু গ্ৰন্থ উন্মোচনী সভাৰ উদ্দেশ্য বাখ্যা কৰে ফ’ৰামৰ সম্পাদক কৌশিক দাসে৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা বিজেপি কিষাণ মৰ্চাৰ ৰাজ্যিক সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য্যই তেওঁৰ ভাষণত কয় যে সাংবাদিক সকলে এখন সমাজ জিলিকাই তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। লগতে সাংবাদিক সকলে সঠিক পথত থাকি সমাজখন শুদ্ধ পথৰে নিয়াত এক অগ্ৰনী ভূমিকা লয়। পূৱ কামৰূপৰ বিশিষ্ট শিক্ষাবিদ প্ৰয়াত ধৈৰ্য্যনাথ চৌধুৰীৰ নামত বৰ অসম বাৰ্তা শাৰদীয় সংখ্যাটি উছৰ্গা কৰা হয়।

সভাত বিশিষ্ট অতিথি হিচাপে থকা মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক প্ৰাণজিত ডেকাই সাংবাদিক সকলে কৰা কামৰ বাবে সকলোকে শলাগ লয়। গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট শিক্ষাবিদ ড০ চন্দ্ৰকান্ত গোস্বামীয়ে প্ৰয়াত ধৈৰ্য্যনাথ চৌধুৰীৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰে। জিলা খনৰ প্ৰায় শতাধিক জ্যেষ্ঠ কনিষ্ঠ সাংবাদিক উপস্থিত থকা শাৰদীয় সংখ্যা উন্মোচনী সভাত ফ’ৰামৰ সভাপতি ৰঞ্জন দত্ত, জ্যেষ্ঠ সাংবাদিক মুনিন ডেকা, গোবিন্দ দাস, লক্ষী ডেকা, দিলীপ দাস, প্ৰবীণ কুমাৰ দাস, লক্ষ্মী ডেকা, নিতোপম মেধী, মধু মাধৱ দাস, মুকুটেশ্বৰ গোস্বামী, কামৰূপ জিলাৰ অবিচি বৰ্ডৰ উপাধ্যক্ষ জয়ন্ত কুমাৰ নাথ, কেশৱ কলিতা, গৌৰিকান্ত কাকতি, জয়ন্ত কুমাৰ ভূঞা, নপূৰ দাস, খৰ্গেশ্বৰ নাথ, অনুপ দাস, মনোজ দাস, শান্তনু দাস প্ৰমুখ্যে বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই ফ’ৰামৰ কাৰ্যকৰী সভাপতি ৰাজকমল চাংকাকতীয়ে৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*