গুৱাহাটী ● দেশৰ ‘নিঅ’ ক্লাছিক’ ছেগমেণ্টৰ অগ্ৰণী প্রতিষ্ঠান জাৱা য়েজদি মটৰ চাইকেলে আজি গুৱাহাটীত জাৱা ৪২ লাইফ ছিৰিজৰ শেহতীয়া সংযোজন ৩৫০ জাৱা ৪২ এফ জে মুকলি কৰে।
৪২ আৰু ৪২ ববাৰৰ সফলতাক সাৰোগত কৰি ৩৫০ জাৱা ৪২ এফ জেই ১৪২ লাইফ” থিমৰ বাবে এক আকর্ষণীয় নতুন অধ্যায় সূচনা কৰিছে, যিয়ে উচ্চমানৰ ডিজাইনৰ প্ৰতি দায়বদ্ধতা আৰু অতুলনীয় ৰাইডিং অভিজ্ঞতাক উদযাপন কৰিছে। লগতে কোম্পানীটোৱে মহানগৰীৰ ১০ জন গ্রাহকক চাবি গতাই দি নতুন মটৰ চাইকেলখনৰ ডেলিভাৰীৰ কাম আৰম্ভ কৰিছে। ইয়াৰ উপৰিও প্রতিষ্ঠানটোৱে এই বিত্তীয় বৰ্ষৰ শেষলৈ অসমত শক্তিশালী নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে অঞ্চলটোত বর্তমানৰ ১৩ৰ পৰা ২০টাতকৈ অধিক স্পর্শবিন্দুলৈ সম্প্ৰসাৰণৰ লক্ষ্য লৈছে।
ইয়াৰ উপৰিও উপভোক্তা ক্রয় যাত্রা সম্পূৰ্ণৰূপে ডিজিটেল আৰু বাধাহীন কৰি তুলিবলৈ ব্ৰেওটোৱে ফ্লিপকার্টৰ সৈতে অংশীদাৰিত্ব গঢ়ি তুলিছে যি হৈছে জনপ্রিয় ই-কমার্চ প্লেটফর্ম, এই পদক্ষেপ ভাৰতৰ প্রিমিয়াম মটৰচাইকেল বজাৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে।
Leave a Reply