শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰাৰ পাছত শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়নভুক্ত উপাচাৰ্য ড০ জিতেন হাজৰিকা উপস্থিত হয় শিৱসাগৰ বিশ্ববিদ্যালয়ত। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ড০ জিতেন হাজৰিকাক শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়াৰ পাছতেই শিৱসাগৰ বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ প্ৰথমখন পতাকা উত্তোলন কৰে ড০ জিতেন হাজৰিকায়ে।
সদৌ অসম ছাত্ৰ সন্থা, সদৌ তাই আহোম ছাত্র সন্থা, শিৱসাগৰ বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ লগতে প্ৰায় অৰ্ধশতাধিক দল সংগঠনে নৱ নিযুক্ত উপাচাৰ্য ড০ জিতেন হাজৰিকাক আদৰণি আৰু সম্বৰ্ধনা জনায়৷ শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰি উপাচাৰ্য ড.জিতেন হাজৰিকাই কয় যে ‘এসময়ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্তান আছিল শিৱসাগৰ কলেজ আৰু বৰ্তমান স্বীকৃতি লাভ কৰিছে বিশ্ববিদ্যালয়খনে’। গতিকে সন্তানৰ দৰে শিৱসাগৰ বিশ্ববিদ্যালয়খনক আগবঢ়াই নিব বুলি ও নৱ নিৰ্বাচিত উপাচাৰ্য গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।
Leave a Reply