বেদেতীত গাড়ীৰ খুন্দাত পহুৰ মৃত্যু
Pahu dies after being hit by car in Bedeti
অসম খবৰ বেদেতী , ১১ জুলাই :- বানপানীৰ কৱলত পৰি কাজিৰঙা ষষ্ঠ সংযোজন এলেকাৰ পৰা ওলাই অহা বনৰীয়া জীৱ-জন্তুৰ বিচৰণস্থলী হৈ পৰিছে বিহালী । এফালে যদি বাঘৰ সন্ত্ৰাস, আনফালে বনৰীয়া গাহৰি, বান্দৰৰ উপদ্ৰৱ, হাতীৰ আতংক । ইয়াৰ সামন্তৰালভাৱে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ জলপৃষ্ঠ বঢ়াৰ লগে লগে যথেষ্ট সংখ্যক পহু অঞ্চলটোত প্ৰবেশ কৰে। ঠিক সেই দৰে আজি পুৱতি নিশা প্ৰায় ২৫ কেজি ওজনৰ এজনী হৰিণী পহু বেদেতী উৰণীয়া সেঁতুৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’বলৈ ধৰাত তীব্ৰ বেগী গাড়ীৰ খুন্দাত থিতাতে মৃত্যু হয়। প্ৰাতঃ ভ্ৰমণলৈ যোৱা কিছু লোকে ঘটনাটো দেখা পোৱাত, পহুৰ মৃত্যু হোৱাৰ খৱৰ বৰগাং বনাঞ্চলিক কাৰ্যালয়ত জনোৱা হয় । তাৎক্ষণিকভাৱে বনবিভাগৰ লোক উপস্থিত হৈ মৃত পহুটো তাৰ পৰা আঁতৰাই লৈ যায় ।
Leave a Reply