31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    Illegal Wooden Seized বিহালীত অবৈধ কাঠসহ গাড়ী জব্দ।

    Illegal Wooden
    Seized
    বিহালীত অবৈধ কাঠসহ গাড়ী জব্দ।

    বুধবাৰে পূৱ শোণিতপুৰ বন সংমণ্ডলৰ অধীনৰ 15নং ৰাষ্ট্ৰীয় ঘাইপথৰ হেলেমৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ ফলা কাঠ সহ এখন টাটা মিজিক গাড়ী জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগে ।


    বিশ্বনাথ চাৰিআলি পূৱ শোণিতপুৰ বন সংমণ্ডলৰ প্ৰাধিকাৰী বিষয়া বিশ্বজিৎ দাসৰ কঠোৰ নিৰ্দেশত বৰগাংৰ বনাঞ্চলিক বিষয়া সহযোগত বন কৰ্মী
    গুপি ছেত্ৰীৰ নেতৃত্বত এটি বন কৰ্মী দলে বুধ বাৰে পূৱা ১০ মান বজাত গহপুৰ সমষ্টিৰ গমিৰি দিশৰ পৰা অহা এখন অবৈধ কাঠ কঢ়িওৱা টাটা মিজিক গাড়ী জব্দ কৰা লগতে অবৈধ ভাৱে শিল কঢ়িওৱা এখন ডাম্বাৰো জব্দ কৰে বন বিভাগৰ দলটোৱে।
    বন বিভাগৰ সূত্ৰ অনুসৰি AS07BC7450 নম্বৰৰ ডাম্বাৰ খনে দীৰ্ঘদিন ধৰি হেলেম মিচামাৰিৰ এটা শিল ভঙা ক্ৰেছাৰ পৰা দীৰ্ঘদিন ধৰি চালন অবিহনে ভঙা শিল কঢ়িয়াই থকা তথ্য লাভ কৰিছিল পূৱ শোণিতপুৰ বন বিভাগে। ইফালে সেই তথ্য ভিত্তিত বুধবাৰে পূৱ শোণিতপুৰ বন সংমণ্ডলৰ প্ৰাধিকাৰী বিষয়া বিশ্বজিৎ দাসৰ নিৰ্দেশত বৰগাং বনাঞ্চলিক বিষয়া আৰু বন কৰ্মী গুপি চেত্ৰীৰ নেতৃত্বত যোৱা এটা বন কৰ্মী দলে শিল কঢ়িওৱা ডাম্বাৰ খন জব্দ কৰি বৰগাং বনাঞ্চলিক কাৰ্যালয়লৈ আনে। আনহাতে একে সময়তে গহপুৰ সমষ্টিৰ গমিৰিৰ পৰা হেলেমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে AS32C3372 নম্বৰৰ টাটা মেজিক গাড়ী খনে কাঠ কঢ়িয়াই নি থকা দেখা পাই বন বিভাগৰ দলটোৱে নথি পত্ৰ পৰীক্ষা কৰাত কাঠ সমূহ অবৈধ বুলি জানিব পাৰি কাঠসহ গাড়ী খন জব্দ কৰে।

    উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি জিলা খনৰ চতিয়া, গহপুৰ, বৰগাং, বুৰৈ আদিত চলি থকা অবৈধ শিল-বালি লগতে অবৈধ কাঠৰ বেপাৰী বিৰুদ্ধে পূৱ শোণিতপুৰ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া বিশ্বজিৎ দাসে অব্যাহত ৰাখিছে কঠোৰ অভিযান।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds