◊ বিলাসীপাৰাৰ পৰা আলী আজাত ইছলামঃ জনসেৱাৰ দিশত প্ৰচেষ্টাক শক্তিশালী কৰাৰ উদ্দেশ্যে আৰু সকলোৰে সেৱাৰ মূলমন্ত্ৰৰে ‘জনশুনানি’ এটা সমন্বিত অভিযোগ নিৰাময় অনুষ্ঠান, য’ত ৰাজহুৱা আৰু চৰকাৰী বিভাগ সমূহৰ মাজত সহজ আৰু স্বচ্ছ যোগাযোগ লাভ কৰাৰ উদ্দেশ্যেৰে ৰাজহুৱা অভিযোগ সমূহ শুনা হয়।
উক্ত অনুষ্ঠানত বিলাসীপাৰা, চাপৰ আৰু আটানি ৰাজহ চক্ৰৰ বাসিন্দাসকলে মাটি-বাৰী, মোকৰ্দমা, ইলেকট্রিচিটি, ভোটাৰ পৰিচয় পত্ৰ আদি সংক্ৰান্তত সম্মুখীন হোৱা বিভিন্ন ধৰণৰ সমস্যাৰ বিষয়ে লিখিত আকাৰে প্ৰশাসনক অৱগত কৰে আৰু মহকুমাধিপতি তথা ভাৰতীয় প্রশাসনিক বিষয়া সৃষ্টি সিঙে ৰাইজৰ সমস্যাৰাজিৰ বুজ লয়।
উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়া চাৰি লালৰুকটিম লাংটাউ, চাপৰ ৰাজহ চক্ৰ বিষয়া শশীভূষণ ৰাজকোঁৱৰ, বিলাসী পাৰা নিৰ্বাচনী বিষয়া ৰৌশিনুল আলম, সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমা তথ্য আৰু জনসংযোগ বিষয়া জিয়াউৰ ৰহমান, সহকাৰী আয়ুক্ত নম্রতা বৰুৱা আৰু লগতে মহকুমা প্ৰশাসনৰ অন্যান্য কৰ্মচাৰীসকলো উপস্থিত থাকে।
উক্ত অনুষ্ঠানটোৱে ৰাইজৰ মাজত আশাপ্রদ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে আৰু আগলৈও এনে ধৰণৰ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ আশা প্ৰকতাশ কৰিছে৷ উক্ত অনুষ্ঠানত উপস্থিত ৰাইজৰ মাজত SVEEP কাৰ্যসূচীৰ অন্তৰ্গত ভোটদানৰ বাবে সজাগতা মূলক গোহাৰি পত্ৰ বিতৰণ কৰা হয়।
Leave a Reply