অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ তেজপুৰ নগৰ শাখাৰ আগন্তুক নিৰ্বাচনৰ সজাগতা সভা

■ মৃন্ময় শইকীয়া, তেজপুৰঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ তেজপুৰ নগৰ শাখাৰ উদ্যোগত আগন্তুক বিধান সভা নিৰ্বাচনত ১০০% ভোট দানৰ লগতে ৰাইজক সজাগ কৰাৰ উদ্দশ্যেৰে এখন বিশেষ বৈঠক অনুষ্ঠিত কৰা হয়।

উক্ত বৈঠকত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ পৰা তৈয়াৰ কৰা পোষ্টাৰ, লিফলেট আৰু ষ্টিকাৰ উন্মোচন কৰা হয়। সভাত পোষ্টাৰ, লিফ লেট আৰু ষ্টিকাৰ উন্মোচন কৰাৰ কৰি ABVP অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য দেবাশীষ চৌধুৰীয়ে কয় যে-“বিদ্যাৰ্থী পৰিষদ যিহেতু এটা ছাত্ৰ সংগঠন আৰু ছাত্ৰ ছাত্ৰীসকল ৰাষ্ট্ৰ নিৰ্মাণত ভোট দানৰ জৰিয়তে অংশীদাৰ হোৱাটো অতিকে প্ৰয়োজন তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে এখন সবল ৰাষ্ট্ৰ নিৰ্মাণ কৰিব পাৰি। সেয়েহে গণতন্ত্ৰৰ এই পবিত্ৰ মুহূৰ্তত সকলো ছাত্ৰ ছাত্ৰীয়ে সক্ৰিয়তাৰে ভাগ লব লাগে।” লগতে তেখেতে এইবাৰ ভোট বিকশিত অসমৰ বাবে, দুৰ্নীতিৰ বিৰুদ্ধে, সভ্যতা সংস্কৃতি ৰক্ষাৰ পক্ষে, সত্ৰ আৰু নামঘৰৰ ভূমি বেদখল মুক্ত কৰাৰ বাবে, APSCৰ দুৰ্নীতিৰ নিকাকৰণৰ বাবে, নতুন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপন কৰাৰ বাবে, ভূমি সুৰক্ষাৰ লগতে ছাত্ৰ – ছাত্ৰীৰ শৈক্ষিক বিকাশৰ বাবে, নিয়মীয়া জলপানি প্ৰদানৰ উপৰিও নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ক্ষিপ্ৰ ৰূপায়ণৰ পক্ষে থকা দলক ভোট দিবলৈ অনুৰোধ জনাইছে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অৰ্ধ শতাধিক ছাত্ৰ প্ৰতিনিধি উপস্থিত থকা উক্ত সভাখনত সকলোৱে একে মুখে ৰাইজক ১০০% ভোট প্ৰদানৰ বাবে সজাগ কৰিবলৈ পন লয়। ইয়াৰ লগতে তেজপুৰ নগৰ শাখাৰ কাৰ্যকর্তাই তেজপুৰৰ বিভিন্ন স্থানত সজাগতা অভিযান চলায় আৰু গোহাৰি পত্ৰ বিতৰণ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*