বিশ্বনাথৰ ২০০ বছৰীয়া চাৰিআলি ঠাকুৰবাৰী নৱনির্মিত মন্দিৰত ৰাম-পৰিবাৰ বিগ্ৰহ প্ৰতিষ্ঠাৰ ব্যাপক কাৰ্যসূচী

বিশ্বনাথৰ ২০০ বছৰীয়া চাৰিআলি ঠাকুৰবাৰী নৱনির্মিত মন্দিৰত ৰাম-পৰিবাৰ বিগ্ৰহ প্ৰতিষ্ঠাৰ ব্যাপক কাৰ্যসূচী

বিশ্বনাথ 16 ফেব্ৰুৱাৰী

বিশ্বনাথৰ প্ৰায় ২০০ বছৰীয়া পুৰণি ‘চাৰিআলি ঠাকুৰবাৰী মন্দিৰ পুনৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে।এই মন্দিৰত ৰাম-পৰিবাৰ, হনুমান, ৰাধা-কৃষ্ণ, দুর্গা আৰু শিৱৰ বিগ্রহত প্ৰাণ প্ৰতিষ্ঠা কৰিবলৈ অহা ১৮ ফেব্ৰুৱাৰীৰ পৰা বিশেষ কাৰ্যসূচী সন্দৰ্ভত আজি এখন সংবাদ মেল সম্বোধন কৰে মন্দিৰ পৰিচালনা সমিতিয়ে।আজি বিশ্বনাথৰ সাহিত্য সভা ভৱনত আয়োজিত সংবাদ মেলত ধীৰাজ শৰ্মা,সন্তোষ গুপ্তা,অম্বুজ গুপ্তা,মনোজ যোশী আদিয়ে মন্দিৰৰ কাৰ্যসূচী আৰু মন্দিৰ পুনৰ্নিৰ্মাণৰ বিষয়ে বিশদ ভাৱে অৱগত কৰে।উল্লেখ্য যে মহাৰাষ্ট্ৰৰ নিৰ্মাণকাৰী,ৰাজস্থানত নিৰ্মিত মূৰ্তি,আৰু গুজৰাটৰ যন্ত্ৰচালিত ডবা,কাহ আৰু ঘণ্টা আদিৰে শোভাবৰ্ধন কৰিব লগা এই মন্দিৰত অতিসম্প্ৰতি কৃষ্ণ ৰাধা,দুৰ্গা,ৰাম পৰিৱাৰ,হনুমান আদিৰ বিগ্ৰহ স্থাপনৰ ব্যৱস্থা কৰা কৰা হৈছে বুলি ঠাকুৰবাৰীৰ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰভুনাথ সিঙে জানিবলৈ দিয়ে।আয়োজক সমিতিয়ে জনোৱা মতে আটক ধুনীয়া আলোক সজ্জা আৰু ৰাজপথত ৰংগুলী আদিৰে এক উৎসৱমুখৰ লগতে আধ্যাত্মিক পৰিৱেশ সৃষ্টিৰ প্ৰচেষ্টা চলোৱা হৈছে। ২২ফেব্ৰুৱাৰী পৰ্যন্ত অনুষ্ঠিত হ’ব লগীয়া প্ৰাণ প্ৰতিষ্ঠাৰ আয়োজিত কার্যসূচী অনুসৰি ভজন-কীর্তন, শংখধ্বনি, ঘণ্টাবাদন, মহাআৰতিৰ লগতে হনুমান চালিচা, সুন্দৰকাণ্ড আদিৰ সমূহীয়া পঠন আৰু যজ্ঞৰ পূৰ্ণাহুতি আদি ধৰ্মীয় কাম সম্পন্ন হ’ব। চাৰিআলি ঠাকুৰবাৰী সমিতিয়ে অহা ১৮ ফেব্ৰুৱাৰীত মন্দিৰ প্ৰাঙ্গণৰ পৰা কলহ যাত্রা, ১৯ ফেব্ৰুৱাৰীত বেদী পূজন, ২০ ফেব্ৰুৱাৰীত অধিবাস, ২১ ফেব্ৰুৱাৰী দিনৰ ১-১১ বজাত প্রাণ প্রতিষ্ঠিত বিগ্রহক লৈ শোভাযাত্রা, ২২ ফেব্ৰুৱাৰীৰ পুৱা ৫ বজাৰ পৰা ৮ বজালৈ বিগ্ৰহৰ প্ৰাণ প্রতিষ্ঠা পর্ব, পুৱা ৯ বজাত মহাআৰতি, ২৩ ফেব্ৰুৱাৰীত বেদী পূজন আৰম্ভ তথা ৰাম বিবাহ আৰু শিৱ বিবাহ সম্পন্ন, ২৪ ফেব্ৰুৱাৰীৰ পুৱা ৭-১৫ বজাত পূজা আৰম্ভ আৰু পূৰ্ণাহুতি, দিনৰ ১ বজাত প্ৰসাদ আৰু ভোগ বিতৰণ আদি কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জানিবলৈ দিছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*