●মৃন্ময় শইকীয়া, তেজপুৰঃ কবিতাৰ সংজ্ঞা কি ইয়াৰ উত্তৰ বিচাৰি পোৱাটো বৰ কঠিন৷ সাহিত্য-সংস্কৃতিৰে ভৰপূৰ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ আইতা নীলিমা দেৱী, দেউতাক দীপেন শৰ্মা আৰু মমী শৰ্মাৰ ডাঙৰ পুত্ৰ উদ্দীপ্ত কাশ্যপৰ বহু দিনীয়া এটা আশা নিজৰ এখন কিতাপ প্ৰকাশ কৰা আৰু আজি উদ্দিপ্ত কাশ্যপৰ প্ৰথম “বৃদ্ধাশ্ৰম” গ্ৰুন্থ খন অসমৰ জনপ্ৰিয় মানুহ জন “এ লাইফ অৱ এ ড্ৰাইভাৰ কেবিনৰ ইপাৰে” ৰূপম দত্তই শুভ উন্মোচন কৰে৷
দেব দীপাংকৰ শইকীয়াই আতঁধৰা সভা খনত জামুগুৰিহাটৰে এজন শিল্পী নিলমণি শলালৰ ভায়লিন বাদনেৰে সভাপতিৰ আসন অলংকৃত কৰে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জীৱন বৰাই৷
লগতে উদ্দীপ্তৰ কিতাপ খনৰ ওপৰত জামুগুৰিহাটৰ জনপ্ৰিয় শিক্ষক বিকাশ বৰা আৰু বিশিষ্ট লেখক হিমাংশু ৰণ্জন ভূঞাই দুআষাৰ মন্তব্য আগবঢ়াই৷
আনহাতে সভাত শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি, সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক , জামুগুৰি উন্নতি সভা , জামুগুৰিহাটৰ বিভিন্ন অনুষ্ঠানৰ লগতে বিশিষ্ট ব্যক্তি সকল, বন্ধু-বান্ধবী আৰু সংগ্ৰামী ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে৷ আনহাতে, জামুগুৰিহাটৰ হৈ এটা কাহিনী ৰচিম- এই মন্তব্য কৰে উন্মোচক ৰূপম দত্তই।
শেষত সভাপতিৰ ভাষণৰ লগতে শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠান সামৰণি পৰে ৷
Leave a Reply