দুদিনীয়িকৈ অনুষ্ঠিত হ’ল পঞ্চম জলচৰ পক্ষী গণনা ## বিশ্বনাথ কেন্দ্ৰীয় বনাঞ্চলিকৰ শিবিৰ সমুহতো সফল সামৰণি পক্ষী গণনা
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়াকৈ আৰম্ভ হৈছে ২০২২-২৩ বৰ্ষৰ পঞ্চম জলচৰ পক্ষী গণনা ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্পত পঞ্চম কাজিৰঙা পক্ষী গণনাত উদ্যান খনৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ ১১৮ টা জলাশয় সামৰি লোৱা হৈছে ।

উল্লেখ্য যে ২০১৮-১৯ বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনত সম্পন্ন হোৱা প্ৰথমটো গণনাত ১১ হাজাৰ ৫০০ পক্ষী থকাৰ বিপৰীতে ২০২১-২২ বৰ্ষত হোৱা চতুৰ্থ গণনাত ১৯ হাজাৰ ২২৫ টা পক্ষী থকাৰ তথ্য পোৱা গৈছিল ।



