31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    কবিতা মোৰ বাবে

    কবিতা মোৰ বাবে

    কবিতা মোৰ বাবে ভাৱনাবোৰৰ থুনুপাক ,
    মোৰ মনৰ লিখিত বক্তব্য ৷

    শব্দৰ উপত্যকাৰ প্ৰাচীনতম পিৰামিড ৷
    পথাৰৰ নিৰ্জন সুহুৰি
    পদপথ ৰাজপথৰ শোভাযাত্ৰা ৷

    জীৱনৰ নাটৰ আৱহসঙ্গীত
    মন দিগবলয়ৰ এসোঁতা হেঙুল
    শব্দৰ নিস্তৰঙ্গ সমুদ্ৰ ৷

    কিতাপৰ বুকুৰ মৈলাম
    মোৰ বাবে কল্পনাৰ গন্ধসৰৈ ৷

    কবিতা ৰ’দে পোৰা দেহৰ
    তপত হুমুনিয়াহ ,
    পুৰা মাটিৰ ছাইৰঙী হেপাঁহ।

    কবিতা শাওনৰ এবুকু সেউজীয়া
    আহিনৰ গেৰেলী কাতিৰ গাখীৰতী
    আঘোণৰ কান্ধ ভাৰি দাঙৰি ,
    ভঁৰালৰ সোণোৱালী সুৱাগমণি ৷ 

    নিৰঞ্জন দাস ৰাংছালী বিহালী 

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds