বিলাসীপাৰাত সুশাসন দিৱস পালন

বিলাসীপাৰাৰ পৰা আলী আজাত ইছলামঃ সমগ্ৰ দেশৰ লগতে, ধুবুৰী জিলাৰ সীমান্ততৱৰ্তী দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ নায়েৰ আলগা মণ্ডলৰ অন্তৰ্গত, মছলাপাৰা গাঁওপঞ্চায়তৰ কাৰ্যলয়ত আৰু আমবাৰী পোনেনয়ানি গাওঁ পঞ্চায়তত সুশাসন দিৱস পালন কৰা হয়৷

ভাৰত ৰত্ন, প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী দেৱৰ জন্মদিন উপলক্ষে নায়েৰ আলগা মণ্ডলৰ নৱ নিযুক্ত সভাপতি ছাদ্দাম হোছেইন, মানস ভট্টাচাৰ্য, নেতৃত্বত মছলাপাৰা গাঁওপঞ্চায়তৰ কাৰ্যলয়ত আৰু আমবাৰী পোনেনয়ানি গাওঁ পঞ্চায়তৰ কাৰ্যলয়ত সুশাসন দিৱস পালন কৰা হয়।

দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশ, দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ নায়েৰ আলগা মণ্ডলৰ নৱ নিযুক্ত সভাপতি ছাদ্দাম হোছেইনৰ নেতৃত্বত মছলাপাৰা গাঁওপঞ্চায়তৰ কাৰ্যলয়ত বহুসংখ্যক লোক উপস্থিত থাকে৷ উক্ত কাৰ্যসূচীত পঞ্চায়তৰ বিভিন্ন ৰোগীৰ মাজত ফল মূল বিতৰণ আৰু ছাফাই অভিযান চলাই উক্ত কাৰ্যসূচীৰ সফল সামৰণি মৰাৰ লগতে মছলাপাৰা গাঁওপঞ্চায়তৰ ৰাইজে এনে কাৰ্যসূচীৰ বাবে নায়েৰ আলগা ভাৰতীয় জনতা পাৰ্টীৰ নৱ নিযুক্ত সভাপতি ছাদ্দাম হোছেইনক শলাগ লোৱাৰ লগতে অনাগত দিনত ভাৰতীয় জনতা পাৰ্টীক অধিক শক্তিশালী কৰিব বুলি একাংশ ৰাইজে প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে মাহামায়া মণ্ডল কমিটিৰ সভাপতি, মানস ভট্টাচাৰ্য, উপ-সভাপতি গিয়াছ উদ্দিন, মণ্ডল সভাপতি আৰু মণ্ডলৰ বিষয়ববীয়াসকল।

Be the first to comment

Leave a Reply

Your email address will not be published.


*