- হত্যাৰ অভিযুক্ত ৩ জনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত
- প্ৰায় দুই বছৰ পিছত ন্যায় পালে হত্যাৰ বলি হোৱা গনেশ দে’ৰ পৰিয়ালে
বিলাসীপাৰাৰ পৰা আলী আজাত ইছলামঃ সাপটগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত সাপটগ্ৰাম চহৰৰ ১নং ৱাৰ্ডত বিগত ২০২১ চনৰ সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। সাপটগ্ৰাম চহৰৰ ১নং ৱাৰ্ডৰ মাটিবাৰী কাজিয়া লৈ গনেশ দেক খুটাত বান্ধি তেওঁক হত্যা কৰিছিল। ঘটনা সন্দৰ্ভত গনেশ দে পৰিয়ালৰ লোকে সাপটগ্ৰাম আৰক্ষী থানাত ৮৭/২৯ নম্বৰত গোচৰ ৰুজু কৰিছিল৷ বিলাসীপাৰা মহকুমা আদালতত ছেচন কেচ নম্বৰ ২৯/২১ মতে ন্যায়াধীশে শুনানী গ্ৰহন কৰি আজি চূড়ান্ত ৰায়দান প্ৰদান কৰে। বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ মুকুল চেতীয়াৰ বিচাৰপীঠে হত্যাকাণ্ডৰ অভিযুক্ত ক্ৰমে গোঁসাই দে, অভাজিৎ দে, সন্তোষী দেক ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩০২/৩৪ ধাৰাত যাৱজ্জীৱন কাৰাদণ্ড লগতে ১০ হাজাৰ টকা জৰিমনা বিহা ৰায়দান কৰে। এই ৰায়দানৰ পিছতে দুই বছৰ পিছত ন্যায় পোৱা দুৰ্ভগীয়া পৰিয়ালটোই সন্তুষ্টি প্ৰকাশ কৰিছে।
Leave a Reply