তেলেংগানাৰ মুখ্যমন্ত্রী হিচাপে শপত গ্রহণ ৰেবন্ত ৰেড্ডীৰ

তেলেংগানাৰ মুখ্যমন্ত্রী হিচাপে এ ৰেবন্ত ৰেড্ডীয়ে আজি শপতগ্ৰহণ কৰে৷ কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধীৰ উপস্থিতিতৰ লগতে ভালেসংখ্যক জনসাধাৰণৰ উপস্থিতিত তেলেংগানাৰ দ্বিতীয়জন মুখ্যমন্ত্রী হিচাপে শপত গ্রহণ কৰে। তেলেংগানাৰ ৰাজ্যপাল ড০ তামিলিচাই সুন্দৰাৰাজনে এ ৰেবন্ত ৰেড্ডীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়।

ভট্টী বিক্রমার্কা মল্লুৱে উপ-মুখ্যমন্ত্রী হিচাপে পদ আৰু গোপনীয়তাৰ শপত গ্রহণ কৰে। এন উত্তম কুমাৰ ৰেড্ডী, বি ৰাজা নৰসিংহা, কে ভেংকটৰেড্ডী, ডি শ্রীধৰবাবু, পি শ্রীনিবাস ৰেড্ডী, পি প্রভাকৰ, কে সুৰেখা, ডি অনুসূয়া, টি নাগেশ্বৰ ৰাও আৰু জে কৃষ্ণ ৰাওকে ধৰি ১০ জন মন্ত্রীয়েও শপত গ্রহণ কৰে। কংগ্ৰেছৰ অধ্যক্ষ মল্লিকার্জুন খার্গে, দলৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী, প্রিয়ংকা গান্ধী, কৰ্ণাটকৰ মুখ্যমন্ত্রী সিদ্দাৰামায়াকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ আৰু ৰাষ্ট্রীয় নেতা শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকে।

তেলেংগানাৰ জনসাধাৰণক উদ্দেশ্যি নৱতম মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেডীয়ে কয় যে, জনসাধাৰণ হৈছে চৰকাৰৰ অংশীদাৰ। সংগ্ৰাম আৰু ত্যাগৰ ফলত পৃথক ৰাজ্যখন লাভ কৰা বুলি উল্লেখ কৰি কয় যে, জনসাধাৰণে এটা দশকৰ পাছত কুশাসনৰ অন্ত পেলাইছে। পূৰ্বৰ মুখ্যমন্ত্ৰীৰ কেম্প কাৰ্য্যালয়, প্রগতি ভৱনৰ বেৰিকেড ভাঙি দিয়া হৈছে আৰু কাইলৈ পুৱা ১০ বজাত জ্যোতিৰাও ফুলে প্রজা ভৱনত প্রজা দৰবাৰ অনুষ্ঠিত হ’ব। তেওঁ আশ্বাস প্রদান কৰি কয় যে, ৰাইজে কংগ্রেছক দিয়া সুযোগ নিশ্চিতভাবে উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হ’ব বুলি প্ৰকাশ কৰে৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*