Sunday, June 8, 2025
28.4 C
Guwahati
TOP NEWS:

শিৱসাগৰৰ জয়ৰাপাৰত শ্ৰীমদ্ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানঃ ভাগৱত ভ্ৰমণ আৰু শোভাযাত্ৰা

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

♦ অসমীয়া জাতিৰ জনক, সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ আদৰ্শক সৰু গত কৰি ৰাইজৰ মাজত আন্তৰিকতাপূৰ্ণ সমন্বয় সম্প্ৰীতি গঢ়াৰ লক্ষ্যৰে শিৱসাগৰ নগৰৰ সমীপৰ জয়ৰাপাৰ গাওঁৱাসীৰ উদ্যোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমদ্ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠাৰ আয়োজন কৰা হৈছে৷ আজিৰে পৰা জয়ৰাপাৰ বৰনামঘৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই পাঠ অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা ভাগৱত ভ্ৰমণ আৰু শোভাযাত্ৰা বাহিৰ কৰা হয়৷ এই শোভাযাত্ৰাত গুৰুজনাৰ সৃষ্টিৰাজিৰ অন্যতম শ্ৰীমদ্ভাগৱত গ্ৰন্থভাগি পৰিভ্ৰমণ কৰাৰ লগতে অঞ্চলটোৰ ভকত-বৈষ্ণৱ আইসকলে হৰিনামৰ ধ্বনিৰে সমগ্ৰ অঞ্চলটোৰ পৰিৱেশ মুখৰিত কৰি তোলে৷

 

ভাগৱত ভ্ৰমণৰ পূৰ্বে নামঘৰ চৌহদত উষা কীৰ্তন, বৃক্ষৰোপন, বন্তি প্ৰজ্বলন, ধৰ্ম ধ্বজা উত্তোলন, স্মৃতি তৰ্পণ অনুষ্ঠান সম্পন্ন কৰা হয় ৷ ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান উদ্বোধন কৰে বীৰ লাচিত বৰফুকন কলেজৰ প্ৰৱক্তা তথা বিশিষ্ট ভাগৱত ব্যখ্যাকাৰ শান্তনু বুঢ়াগোহাইয়ে৷ ভাগৱত কণ্ঠ বঁটাপ্ৰাপক বিশিষ্ট ব্যাখ্যাকাৰ জগত বণিয়াই অনুষ্ঠানত ভাগৱত ব্যাখ্যা আগবঢ়ায়৷ আজিৰ ব্যস্ততাময় জীৱনত ভাগৱত গ্ৰন্থভাগিত উল্লিখিত জীৱন-দৰ্শন আৰু আধ্যাত্মিকতাৰ উপদেশবাণী নতুন প্ৰজন্মই অনুধাৱন আৰু অনুকৰণ কৰাটো একান্তই প্ৰয়োজনীয় বুলি মত ব্যক্ত কৰাৰ লগতে এনে অনুষ্ঠানে ৰাইজৰ মাজত ঐক্য-সম্প্ৰীতি-ভাতৃত্ববোধৰ প্ৰসাৰ ঘটাব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰে৷

উদযাপন সমিতিৰ সভাপতি আৰু শিৱসাগৰ জিলাৰ বীৰ লাচিত বৰফুকন কলেজৰ অধ্যাপক, ভাগৱত ব্যাখ্যাকাৰ শান্তনু বৰগোহাই

- Advertisement -

Hot this week

The Role of Social Organizations in Children’s Career Development -Dr. Buljit Buragohain 

Children’s career development is a long-term and multifaceted process....

মুখ্যমন্ত্রীৰ সৈতে টেলিফোনিক বাৰ্তালাপত প্রধানমন্ত্ৰীঃ বুজ ললে অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি ?

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা...

সাম্প্ৰতিক বানত ৰাজ্যৰ ২১ খন জিলাৰ ৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

সাম্প্ৰতিক বানত ৰাজ্যৰ ২১ খন জিলাৰ ৫ লাখৰো...

Topics

বিশ্বনাথত আৰক্ষীৰ দুৰ্নীতি নিৰিক্ষণ আৰু নিবাৰণ শাখাৰ জালত পৰিল দুজন

বিশ্বনাথত আৰক্ষীৰ দুৰ্নীতি নিৰিক্ষণ আৰু নিবাৰণ শাখাৰ জালত পৰিল...

ASSAM RIFLES UNDERTAKES PRO ACTIVE MEASURES TO THWART HEALTH ISSUES POST FLOODS

● Following the recent flood rescue efforts in Tripura...

বিশ্ব পৰিৱেশ দিৱস

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৩০ ছেপ্তেম্বৰলৈকে অটল নগৰীয়া উজ্জীৱিতকৰণ...

Monsoon Session of Parliament to be convened from 21st of next month

The government today announced the schedule for the Monsoon...

Related Articles

Popular Categories

Assam
clear sky
28 ° C
28 °
28 °
73 %
0.7kmh
2 %
Sun
28 °
Mon
35 °
Tue
36 °
Wed
35 °
Thu
36 °