শেহতীয়া আপডেটঃ

জিলা কৃষি বিভাগৰ উদ্যোগ : পথাৰত ১০১ গছি বন্তি প্ৰজ্বলন

জিলা কৃষি বিভাগৰ উদ্যোগ : পথাৰত ১০১ গছি বন্তি প্ৰজ্বলন

বিশ্বনাথৰ জিলাৰ গেৰুৱাবাৰীত কাতি উদযাপন

বিশ্বনাথ চাৰিআলি, ১৮ অক্টোবৰ

অসমীয়াৰ বাপতিসাহোন তিনিটা বিহুৰ ভিতৰত কাতি বিহু বা কঙালী বিহুৰো আছে বিশেষ তাৎপৰ্য৷ অভাৱৰ কঠিন সময়তো সম্ভাৱনাৰ পোহৰ দেখা ধৈৰ্যশীল অসমীয়া জাতিৰ গভীৰ আশাবাদক প্ৰতিফলিত কৰে কাতি বিহু উদযাপনে। কৃষি সম্পৰ্কীয়, ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাসৰ সৈতে জৰিত এই পৱিত্ৰ বিহুটি ৰাইজৰ সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে অসম চৰকাৰৰ কৃষি বিভাগৰ অধীনস্থ বিশ্বনাথ জিলা কৃষি বিভাগৰ উদ্যোগত বিশ্বনাথৰ গেৰুৱাবাৰী নামঘৰৰ প্ৰাংগণত আজি উলহ মালহেৰে উদযাপন কৰা হয়৷

এই অনুষ্ঠানত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, জিলা অতিৰিক্ত আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, বিশ্বনাথ মহকুমা কৃষি বিষয়া প্ৰদীপ তালুকদাৰ, সমাজকৰ্মী দিগন্ত ঘটোৱাৰ সহ ভালেকেইজন বিষয়া, বিশিষ্ট অতিথি, কৃষি বিভাগৰ ন পুৰণি বিষয়া-কৰ্মচাৰী, পঞ্চায়ত প্ৰতিনিধিৰ লগতে বিশ্বনাথ জৈৱিক এফ পি চি, গেৰুৱাবাৰী অঞ্চলৰ ৰাইজৰ আৰু জিলাখনৰ সকলো শ্ৰেণীৰ ৰাইজে অংশগ্ৰহণ কৰে৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি কেইবাজনো প্ৰগতিশীল কৃষককো বিভাগীয়ভাৱে সম্বৰ্ধনা জনোৱা হয় আৰু বিশ্বনাথ জিলাত চলি থকা কৃষি বিভিন্ন আঁচনি সমূহৰ বিষয়ে সজাগতা অনুষ্ঠান আয়োজন কৰাৰ উই উপৰিও কেইবাগৰাকী বিশিষ্ট সমাজ কৰ্মীকো সম্বৰ্ধনা জনোৱা হয় । সভাত উপস্থিত প্ৰায় তিনি শতাধিক লোকে পৰম্পৰা ৰক্ষা কৰি গেৰুৱাবাৰী গাঁৱৰ পথাৰত ১০১ গছি বন্তি প্ৰজ্বলন কৰা হয়।

 


উল্লেখযোগ্য যে, অসম চৰকাৰৰ নিৰ্দেশ অনুযায়ী আজি গহপুৰ মকুমাৰ কৃষি বিভাগ আৰু স্থানীয় ৰাইজৰ সহযোগত চাৰিঙীয়া খেল পথাৰতো বন্তি প্ৰজ্বলন কৰাৰ লগতে উলহ মালহেৰে কাতি বিহু উদযাপন কৰা হয়।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.