বিশ্বনাথত আমছু’ৰ উদ্যাগত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী

বিশ্বনাথত আমছু’ৰ উদ্যাগত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী

বিশ্বনাথ ৫ অক্টোবৰ

বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয় সন্মূখত আজি আমছু’ৰ দুই ঘন্টীয়া অবস্থান ধৰ্মঘট কাৰ্যসূচী হয়।আজি বিশ্বনাথ জিলা আমছুৰ উদ্যোগত বিভিন্ন দাবী জনাই দুই ঘন্টীয়া অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোয়ে জনোৱা দাবী সমূহ হল–আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ থকা লোকসকলক আধাৰ কাৰ্ড প্ৰদান কৰা,চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা,ছাত্র-ছাত্রীসকলক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰা বন্ধ কৰা সিদ্ধান্ত প্ৰত্যাহাৰ কৰা, সংখ্যালঘু মুছলমানসকলক বসুন্ধৰা ২ আঁচনিত অন্তর্ভুক্ত কৰা,অসমৰ বিভিন্ন জিলাত হোৱা গঢ়াখহনীয়া সমস্যাসমূহ খৰালি কালতে সমাধান কৰা, স্কুলত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষকৰ নিযুক্তি প্ৰদান কৰা আৰু সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহৰ ৰাস্তা-ঘাটৰ মেৰামতি কৰা ইত্যাদি।সংগঠনটোয়েএই কাৰ্যসূচীৰ দ্বাৰা চৰকাৰ বিৰুধী বিভিন্ন শ্ল’গান প্ৰদৰ্শণ কৰি এক উত্তাল পৰিবেশৰ সৃষ্টি কৰাৰ লগতৰ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ সংখ্যালঘু লোক সকলক কৰা প্ৰতাৰণা বিৰুদ্ধে অনাগত সময়ত আৰু অধিক শক্তিশালী ভাবে গণতান্ত্ৰীক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত আমছুৰ কেন্দ্ৰীয় সমিতিৰ বিভিন্ন নেতা কৰ্মী অংশ গ্ৰহণ কৰাৰ লগতে জিলা সমিতি আঞ্চলিক সমিতি আৰু মহাবিদ্যালয়ৰ সংঝ্যালঘু ছাত্ৰ ছাত্ৰী সকলেও অংশ গ্ৰহণ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*