বিশ্বনাথৰত মেচাৰ্ছ হাজৰিকা এণ্টাৰপ্ৰাইজ ই-ৰিক্সা আৰু ই- চাইকেল ডিলাৰৰ শুভ উদ্বোধন
বিশ্বনাথ চাৰিআলিৰ উত্তৰ পাৰে পাভৈ যোৱা পথৰ বৰিগাঁৱত নায়াৰা পেট্ৰল পাম্পৰ সমীপত মেচাৰ্ছ হাজৰিকা এণ্টাৰপ্ৰাইজ নামেৰে প্ৰবাল হাজৰিকা নিবনুৱা যুৱকৰ প্ৰচেষ্টাত ভাৰতৰ আগশাৰীৰ ই-ৰিক্সা আৰু ই-চাইকেল ডিলাৰ আজিৰে পৰা শুভাৰম্ভ হৈছে। একে সময়তে এখন হাৰ্ডৱেৰ দোকানৰো শুভাৰম্ভ কৰা হৈছে। । এই ডিলাৰ আৰু দোকান ৰশুভ উদ্বোধন কৰে বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে। নিৰঞ্জন হাজৰিকা ই আত ধৰা সভাত জিজ্ঞাছ অটো ৱৰ্ল্ডৰ স্বত্বাধিকাৰী দীপক কুমাৰ শৰ্মাই ই ৰিক্সা আৰু ই চাইকেলৰ ওপৰত বাখ্যা ডাঙি ধৰে। সভাত জিজ্ঞাছ অটো ৱৰ্ল্ডৰৰ উত্তৰ সমন্বয়ক মনোজ বৰা, সমাজ কৰ্মী মুকুল শৰ্মা, অমৃত হাজৰিকা আদিয়ে বক্তব্য আগবঢ়ায়। বিশ্বনাথৰ বিভিন্ন স্থানৰ পৰা আমন্ত্ৰণ ৰক্ষা কৰি বহু গণ্যমান্য ব্যক্তি সকল উপস্থিতিত অনুষ্ঠিত সভাত স্বতঃধিকাৰী প্ৰবাল হাজৰিকাৰ উপৰি পিতৃ বলীন হাজৰিকা লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।অনুষ্ঠানত বিশ্বনাথৰ নগাঁৱৰ মুন বৰাই আজি পেনথৰ কোম্পানীৰ এখন ই ৰিক্সা ক্ৰয় কৰি প্ৰথমজন গ্ৰাহক ৰূপে স্বীকৃত হয়।
ক’বিল্ড ইঞ্জিনীয়াৰচ প্ৰাইভেট লিমিটেডৰ সুদীপ্ত মুখাৰ্জীৰ তত্বাৱধানত জিজ্ঞাছ অট ৱৰ্ল্ড নামৰ এই প্ৰতিষ্ঠানটোৱে কবিল্ড ইঞ্জিনীয়াৰচ প্ৰাইভেট লিমিটেডৰ দ্বাৰা নিৰ্মিত বিভিন্ন প্ৰকাৰৰ বাই চাইকেল আৰু ই চাইকেলৰ ৰখাৰ ব্যৱস্থা কৰা হয়।,
Leave a Reply