শিৱসাগৰৰ নাজিৰা নগৰৰ মাজ মজিয়াত চিলনী চোৰ তাণ্ডৱ
♦ শিৱসাগৰ নাজিৰাৰ পৰা পাৰ্থ প্ৰতিম বৰুৱাঃ আজি নাজিৰা নগৰৰ মাজ মজিয়াত থকা SBI ৰ পৰা লাকোৱাৰ দীপ্তি গগৈ নামৰ মহিলা গৰাকীয়ে নগদ এক লাখ টকা উলিয়াই আনিছিল। উক্ত মহিলা গৰাকীয়ে নিজৰ গাড়ীত উঠিবলৈ ৰাস্তাটো পাৰ হোৱাৰ পিছতে এখন পালছাৰ বাইকত অহা দুজন অচিনাক্ত যুৱকে মানুহ গৰাকীৰ বেগটো কাঢ়ি লৈ যায়। উক্ত মহিলা গৰাকীয়ে জানিব দিয়া মতে তেওঁৰ বেগটোত এটা মোবাইল এখন এটিএম আৰু বিভিন্ন দৰকাৰী নথি-পত্ৰ আছিল।
ঘটনা সন্দৰ্ভত মহিলা গৰাকীয়ে স্থানীয় আৰক্ষীৰ সৈতে যোগাযোগ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও বৰ্তমানলৈকে চোৰ ধৰিবলৈ সক্ষম হোৱা নাই নাজিৰা আৰক্ষী।
Leave a Reply Cancel reply