শেহতীয়া আপডেটঃ

দুৰ্ঘটনাজনিত মৃত্যুৰ প্ৰৱনতা হ্ৰাস কৰাৰ প্ৰয়াস: বিশ্বনাথত প্ৰশাসনৰ তৎপৰতা

দুৰ্ঘটনাজনিত মৃত্যুৰ প্ৰৱনতা হ্ৰাস কৰাৰ প্ৰয়াস: বিশ্বনাথত প্ৰশাসনৰ তৎপৰতা

সকলো চৰকাৰী বিভাগ, বিদ্যালয়, মহাবিদ্যালয়লৈ পৰিবহন বিভাগৰ পত্ৰ_

প্ৰতিখন শিক্ষানুষ্ঠানতে গঠন কৰিব লাগিব পৰিবহণ ব্যৱস্থাপনা সমিতি

 

বিশ্বনাথ চাৰিআলি, ৩ জুন :_ দুৰ্ঘটনাজনিত মৃত্যুৰ প্ৰৱনতা হ্ৰাস কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ পৰিবহন বিভাগৰ নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা বিশ্বনাথতো সকলো চৰকাৰী কৰ্মচাৰী, বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা কৰ্মচাৰীয়ে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে। এই সন্দৰ্ভত বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত তথা বিশ্বনাথ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জয় শিবানীয়ে বিশ্বনাথ আৰু গহপুৰ মহকুমাৰ সকলো চৰকাৰী কাৰ্যালয়ৰ মুৰব্বী, বিশ্বনাথ কৃষি মহাবিদ্যালয়, সকলো মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশ্বনাথৰ বিদ্যালয় সমুহৰ পৰিদৰ্শক (ভাৰপ্ৰাপ্ত), সকলো বিদ্যালয়ৰ প্ৰধান শিক্ষক-শিক্ষয়িত্ৰীলৈ জৰুৰী পত্ৰ প্ৰেৰণ কৰাৰ লগতে দুয়োটা মহকুমাৰে কণিষ্ঠ মহাবিদ্যালয় তথা ব্যক্তিগত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰিচালন সঞ্চালকলৈও তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে পত্ৰ প্ৰেৰণ কৰিছে। বিশ্বনাথৰ জিলা পথ সুৰক্ষা সমিতি (DRSC)ৰো অধ্যক্ষৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত তথা বিশ্বনাথৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি গৰাকীয়ে প্ৰেৰণ কৰা পত্ৰখনত অসম চৰকাৰৰ পৰিবহন বিভাগৰ নিৰ্দেশনা অনুসৰি প্ৰতিখন শিক্ষানুষ্ঠানতে পৰিবহণ ব্যৱস্থাপনা সমিতি (Transport Management Committee) গঠন কৰি পথ সুৰক্ষা সম্পৰ্কীয় নীতি নিয়ম সমুহ পালনৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ কোৱা হৈছে।

উল্লেখযোগ্য যে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সঞ্চালকে পথ সুৰক্ষা সম্পৰ্কে ৰাজ্য খনৰ পৰিবহন বিভাগলৈ প্ৰেৰণ কৰিছিল এখন বিশেষ পত্ৰ। সেই অনুসৰিয়ে ৰাজ্যৰ পৰিবহন বিভাগৰ আয়ুক্ত তথা ৰাজ্যিক পথ সুৰক্ষা পৰিষদৰ সদস্য সচিবৰ দ্বাৰা স্বাক্ষৰিত ১৯ মে, ২০২৩ তাৰিখৰ চিটি/ই-২৭১৮৭১/১৫৪১ নম্বৰৰ পত্ৰৰ ভিত্তিতে অন্যান্য জিলাৰ দৰে বিশ্বনাথতো দুৰ্ঘটনাজনিত মৃ্ত্যু হ্ৰাস কৰাৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰিছে।

মনকৰিবলগীয়া কথা এয়ে যে, এপ্ৰিল, ২০২৩ ৰ সৈতে সমাপ্ত হোৱা চলিত বছৰৰ প্ৰথম চাৰি মাহত পথ দুৰ্ঘটনা আৰু মৃত্যুৰ প্ৰৱণতা বৃদ্ধি পাইছে আৰু পথ দুৰ্ঘটনা ৮% বৃদ্ধি হৈছে আৰু পূৰ্বৰ বৰ্ষটোৰ এনে সময়তকৈ ১২.২৫% মৃত্যু বৃদ্ধি হৈছে।

পৰিবহন বিভাগৰ পত্ৰখনত এনে উদ্বেগজনক তথ্য উল্লেখ কৰি হেলমেট পৰিধান নকৰাৰ বাবেই প্ৰতি বছৰে পথ দুৰ্ঘটনাৰ ফলত বৃহৎ সংখ্যক দুচকীয়া বাহন আৰোহী/সহ আৰোহীৰ মৃত্যু হোৱাটো দুৰ্ভাগ্যজনক বুলি আখ্যা দিছে। যদি চালকে নিৰ্ধাৰিত বি.আই.এছ. মানদণ্ডৰ সুৰক্ষামূলক হেডগিয়াৰ হেলমেট পিন্ধে তেনেহ’লে এই মূল্যৱান জীৱনবোৰ ৰক্ষা কৰিব পাৰি বুলি উল্লেখ কৰি সেয়ে ৰাজ্যৰ প্ৰতি জিলাৰ উপায়ুক্ত তথা পথ সুৰক্ষা সমিতিৰ অধক্ষ্যলৈ এই ক্ষেত্ৰত তাৎক্ষণিক কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে। সেই অনুসৰি বিশ্বনাথতো পৰিবহন বিভাগে জিলাখনৰ সংশ্লিষ্ট সকলো বিভাগ তথা শিক্ষানুষ্ঠানৰ মুৰব্বীক তেওঁৰ অধিকাৰক্ষেত্ৰৰ অধীনৰ সকলো চৰকাৰী কাৰ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ক সকলো চৰকাৰী বিষয়া, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিৰ শিক্ষাৰ্থী/কৰ্মচাৰীসকলৰ দ্বাৰা নিৰ্দিষ্ট বি.আই.এছ. মানদণ্ডৰ সুৰক্ষামূলক হেডগিয়াৰ হেলমেট পিন্ধাৰ নিয়মবোৰ কঠোৰভাৱে পালন কৰিবলৈ প্ৰয়োজনীয় নিৰ্দেশনা জাৰী কৰিবলৈ কোৱা হৈছে।
স্বাভাৱিকতেই এই নিৰ্দেশনাৰ পিছত বিশ্বনাথ আৰু গহপুৰ মহকুমাতো সকলো চৰকাৰী কৰ্মচাৰী, বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা কৰ্মচাৰীয়ে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক হৈ পৰিল।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.