ভাৰতীয় জনতা মজদুৰ সংঘৰ সদস্য ভৰ্তি অভিযান

♦গুৱাহাটীঃ দেশৰ অগ্ৰণী শ্ৰমিক সংগঠন বি জে এম এছ অৰ্থাৎ ভাৰতীয় জনতা মজদুৰ সংঘৰ সদস্য ভৰ্তি অভিযান আৰম্ভ হৈছে। সমগ্ৰ দেশতে কমেও এক কোটি সদস্য ভৰ্তিৰ লক্ষ্য ৰাখি অলপতে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত সংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্ৰী শান্ত প্ৰকাশ জাটব ডাঙৰীয়াই এই অভিযানৰ শুভাৰম্ভ কৰে।দেশৰ আটাইকেইখন ৰাজ্যৰ ৰাজ্যিক সভাপতি আৰু সম্পাদকৰ সৈতেও মত বিনিময় কৰে। অসমৰ ৰাজ্যিক সমিতিৰ সভাপতি জয়দেব আৰ্চাৰ্য আৰু সাধাৰণ সম্পাদক নীলম হাজৰিকাই এই অনুষ্ঠানত ডিজিটেল মাধ্যমেৰে ভাগ লয়। অসমত কমেও পাঁচ লাখ সদস্য ভৰ্তিৰে অভিযান আৰম্ভ কৰা হৈছে।দেশৰ ট্ৰেড ইউনিয়নৰ আইন অনুসৰি পঞ্জীয়ন ভুক্ত বিজেএমএছ-এ অসমৰ শ্ৰমিক-কৰ্মচাৰী,কৃষক-বনুৱা সকলোৰে কল্যানৰ্থে অচিৰেই এক কাৰ্যসূচী ঘোষনা কৰা হ’ব বুলিও অৱগত কৰা হৈছে। এই ৰাষ্ট্ৰীয় ট্ৰেডইউনিয়নৰ সদস্য ভৰ্তিৰ বাবে ডিজিটেল মাধ্যমত ল’গ-ইন কৰিব লাগিব www.bjms.in ত।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.