বিহালী জিনজিয়াত দুই কুখ্যাত চোৰ গ্ৰেপ্তাৰ

বিহালী জিনজিয়াত দুই কুখ্যাত চোৰ গ্ৰেপ্তাৰ :

বিশ্বনাথ ১৪ অক্টোবৰ :

বিহালী সমষ্টিৰ বাঘমৰীৰ দুই কুখ্যাত চোৰক জিনজিয়া আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
আটকাধীন দুই কুখ্যাত চোৰ হৈছে বাঘমৰী নিৰলাবস্তী ৰাজিবুল হওক (২২) আৰু বাঘমৰী কমাৰ চানু সৰকাৰ( ৩০) বুলি জানিব পৰা গৈছে ।
উল্লেখযোগ্য যে অলপতে বিশ্বনাথ উন্নয়ন খণ্ড কাৰ্যালয় তলা ভাঙি কাৰ্যালয় পৰা কুখ্যাত দুই চোৰে দুটা লেপটপ, এটা পানী পাম্প লগতে বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ নষ্ট কৰা অভিযোগৰ ভিত্তিত জিনজিয়া আৰক্ষীয়ে 71/2022/457/38IPC এক গোচৰ ৰুজু কৰি শুক্ৰবাৰে দুই কুখ্যাত চোৰক জেললৈ প্ৰেৰণ কৰে। ইফালে চোৰে চোৰ কৰা বহু সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে ।আনহাতে দীৰ্ঘদিন ধৰি ৰাজিবুল হক নামৰ কুখ্যাত চোৰটোৱে গৰু ,ছাগলী, মটচাইকেল আদি কেইবাটাও গোচৰত অলপতে জেল পৰা মুকলি হৈ আহিছিল।

Be the first to comment

Leave a Reply

Your email address will not be published.


*