বিশ্বনাথৰ চেলাইখাতিত ছাত্ৰীৰ মৃত্যু  চাঞ্চল্য

Polytechnic College in Narayanpur

বিশ্বনাথৰ চেলাইখাতিত ছাত্ৰীৰ মৃত্যু  চাঞ্চল্য

ৰমেশ চন্দ্ৰ সুৰেণ বিশ্বনাথ চাৰিআলি ৮ চেপ্তেম্বৰ:- এগৰাকী কণমাণি ছাত্ৰীৰ আজি পুৱা ১০ মান বজাত অনাকাংক্ষিত ভাৱে মৃত্যু হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে কালি বিশ্বনাথৰ স্বাস্থ্য বিভাগ আৰু অঙ্গনবাড়ি কৰ্মী সহ আশা কৰ্মীৰ এটা দলে নদুৱাৰ ফৰেষ্ট বড়ো প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক প্ৰদান কৰিছিল আইৰণৰ বড়ি ৷দিনৰ ভাগত ছাত্ৰী গৰাকী সুস্থ আছিল যদিও বুধ বাৰে নিশাৰ ভাগত ৰেচমা দৈমাৰী নামৰ ছাত্ৰী গৰাকী হঠাৎ অসুস্থ হৈ পৰে।ক্ৰমাৎ জ্বৰ বৃদ্ধি হোৱাত পৰিয়ালৰ ঘৰুৱা ভাৱে চিকিৎসা কৰাত জ্বৰ কিছু কমি যোৱাত ছাত্ৰী গৰাকী সুস্থ হৈ উঠে যদিও আজি পুৱা ১০ মান বজাত আকস্মিক ভাবেই মৃত্যু ঘটে ছাত্ৰী ৰেচমা দৈমাৰীৰ ৷ উল্লেখযোগ্য যে ৮ বছৰীয়া নদুৱাৰ ফৰেষ্ট বড়ো এল পি স্কুলৰ অধ্যয়ণৰত ছাত্ৰী গৰাকী একমাত্ৰ আইতাৰ সৈতে আছিল তেওঁ মাতৃ কৰ্ম সূত্ৰে গুৱাহাটীৰ থাকে ৷একমাত্ৰ আইতাই গৰাকীয়ে চোৱা চিতা কৰি কিশোৰী ছাত্ৰী গৰাকীক পঢ়া শুনা সকলো দায়িত্ব লৈছিল আইতাক গৰাকীয়ে ৷ইফালে ঘটনাটোৰ খবৰ লাভ কৰি আজি বালিচাং আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক ডাঃ দিগন্ত বড়ো সহ চিকিৎসকৰ দলটি ততাতৈয়াকৈ স্বাস্থ্যৰ বুজ লবলৈ উপস্থিত হয় যদিও ছাত্ৰী ৰেচমা দৈমাৰীৰ ইতিপুৰ্বে মৃত্যু ঘটে ৷ চিকিৎসা বিষয়া গৰাকীয়ে সদৰি কৰা মতে আইৰণৰ বড়ি খাই মৃত্যু হোৱাৰ আশঙ্কা কৰিব পৰা বিশেষ থল নাই ৷ যিহেতু অন্যান্য ছাত্ৰ -ছাত্ৰী সকলেও এই আইৰণৰ বড়ি গ্ৰহন কৰি আছে ৷ অতিমাত্ৰা জ্বৰ আৰু বমি হোৱাৰ সংক্ৰান্তত আৰু চিকিৎসাৰ অভাবত মৃত্যু হোৱাৰ আশঙ্কা প্ৰকাশ কৰে চিকিৎসক দিগন্ত বড়োয়ে ৷ আনহাতে ছাত্ৰী গৰাকীৰ দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা প্ৰকাশ কৰে স্থানীয় লোকে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*