অসম খবৰ নলবাৰী ২ জুলাই :
টিহুৰ ওচৰৰ হেলনাস্থিত জ্ঞান বিকাশ জাতীয় বিদ্যালয়ত শনিবাৰে এখন আনন্দদায়ক শৈক্ষিক অন্তৰংগ সভা সম্পন্ন হয় । বিদ্যালয়খনৰ প্ৰধান শিক্ষক মনমোহন দাসে সভাখনত পৌৰোহিত্য কৰে । সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই সাৱলীল ভাষণেৰে কয় যে শিক্ষাৰ্থীসকলে কৃচ্ছ্ৰ সাধনাৰে জীৱন গঢ়িব লাগিব । কোনো শিক্ষাৰ্থীয়ে সফলতাৰ চমু বাট বিচাৰিলেই বিফল হ’বলগীয়া হয় । পৃথিৱীৰ যিসকল লোকে মহান বৰঙনি দি গৈছে তেওঁলোকৰ নাম প্ৰজন্মৰ পাছত প্ৰজন্ম স্মৰণ হৈ থাকে । সেই মহান লোকসকলে জীৱনক মহা জীৱনলৈ উত্তৰণ ঘটাইছে । মৰীচিকাৰ পাছত দৌৰিবলৈ গ’লে জীৱনত তেতিয়াও সফল হ’ব নোৱাৰি । সকলো শিক্ষাৰ্থীক শিপাৰ সৈতে আজীৱন সম্বন্ধ ৰক্ষা কৰিবলৈ তেওঁ ভাষণ প্ৰসংগত আহ্বান কৰে । বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা বৃন্দগীতেৰে আৰম্ভ হোৱা এই সভাখনত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই বিশিষ্ট অতিথি হিচাপে ভাগ লয় । ভাষণ প্ৰসংগত তেওঁ কয় যে সম্প্ৰতি সমাজৰ একাংশ লোকৰ মনত নৱ প্ৰজন্মক ইংৰাজী মাধ্যমত পঢ়ুওৱাৰ প্ৰৱণতাই গা কৰি উঠিছে । তেনে পৰিৱেশত ইংৰাজী মাধ্যমত নিজৰ সন্তান পঢ়ুৱাব নোৱাৰি একাংশই হয়তো হতাশাত ভুগিবলগীয়া হৈছে । কিন্তু আমি এই কথাও মনত ৰাখিব লাগিব যে মাতৃভাষা মাধ্যমত পঢ়িও কৃতকাৰ্যতাৰে সকলো পৰীক্ষাত হেলাৰঙে উত্তীৰ্ণ হৈ সমাজত উল্লেখনীয় আসনত অধিস্থিত হোৱা বহু লোক আছে ।
শিক্ষাৰ্থী আৰু শিক্ষকসকলে আন্তৰিকভাৱে ভাষা, শিক্ষা, শৈক্ষিক ব্যৱস্থা আৰু শৈক্ষিক দিশৰ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰে । ডঃ উপেন্দ্ৰজিৎ শৰ্মাই সেই বিষয়ে যথাযথ উত্তৰ দিয়ে ।বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হৰেকৃষ্ণ ডেকা আৰু বিদ্যালয়খনৰ শিক্ষা সচিব চন্দ্ৰ কুমাৰ শৰ্মাই সকলোকে সম্ভাষণ জ্ঞাপন কৰে । শিক্ষাব্ৰতী গৌৰীকান্ত কলিতা, প্ৰতিমা শৰ্মা, মুনা ভূঞা, উৎপল তালুকদাৰ, দ্বিজেন পাঠক, ৰঞ্জিৎ ৰয়, ধীৰাজ ৰয়, ৰাজৰ্ষি মেধি, কল্যাণ ডেকা, দীপ কলিতা, নিতুল শৰ্মা, দীপামণি ডেকা, নৱনীতা কলিতা, বৰ্ণালী শৰ্মা, ইলাক্ষী কলিতা, নিৱেদিতা তালুকদাৰ প্ৰমুখ্যে কেইবাগৰাকী লোকে ভাগ লোৱা বিশেষ এই সভাখন অসম সংগীতেৰ সামৰা হয় ।
Leave a Reply