ভাৰতৰ স্বাধীনতা আন্দোলনৰ সুচনা কৰা চাওঁতাল বিদ্ৰোহ সম্পৰ্কে
১৮৫৫ চনৰ ৩০ জুন ৷চাওঁতাল সকলৰ বাবে এই দিনটো চিৰস্মৰণীয় আৰু গৌৰৱোজ্বল দিন ৷ভাৰতৰ স্বাধীনতা আন্দোলনৰ বীজ ৰোপন কৰা চাওঁতাল বিদ্ৰোহ ভাৰতৰ ইতিহাসত এক ঐতিহাসিক অধ্যায় ৷
বৃটিছ উপনিৱেশিক ব্যৱস্থাৰ শাসন,শোষন,অত্যাচাৰ,লুটৰাজ,অৰাজকতাত অতীষ্ঠ হৈয়ে বৃটিছৰ বিৰুদ্ধে শান্তি আৰু স্বাধীনতা প্ৰিয় চাওঁতাল সকলে বিদ্ৰোহ ঘোষনা কৰিব লগা হয় ৷চাওঁতাল নেতা সিধু মুৰ্মু ,কানহু মুৰ্মু ,চান্দ মুৰ্মু আৰু ভৈৰৱ মুৰ্মুৰ আহ্বানত এই বিদ্ৰোহ বনজুইৰ দৰে বিয়পি পৰে ৷স্বতঃস্ফূৰ্তভাবেই ঝাড়খণ্ডৰ ভাগনাডিহি গাঁৱত প্ৰায় দহ সহস্ৰাধিক লোক সমবেত হয় ৷ অনুষ্ঠিত হোৱা এই মহাসভাতেই বৃটিছ শাসন,শোষণৰাজ ওফৰাই শোষনবিহীন ৰাজ্য প্ৰতিষ্ঠাৰ বাবে একেমুখে, সমস্বৰে সকলোৱে প্ৰতিজ্ঞাবদ্ধ হয় ৷এই মহাবিদ্ৰোহ চৰম পৰ্যায়ত উপনিত হোৱা প্ৰত্যক্ষ সংঘৰ্ষ আৰু সন্মুখ সমৰত লিপ্ত হয় চাওঁতাল সকলে ৷বৃটিছৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰা চাওঁতাল সকলে সুদীৰ্ঘ আঠ মাহ ন দিন ধৰি ধনু-কাড়েৰেই সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰাখে ৷
এই মহাবিদ্ৰোহত ১৫হাজাৰৰ পৰা ৩০ হাজাৰ পৰ্যন্ত চাওঁতালী লোক শ্বহীদ হয় ৷
উল্লেখ্য যে বৃটিছ শাসনৰ পৰা মুক্ত কৰিবৰ বাবেই ১৭৮৪ চনৰ ১৭ জানুৱাৰীত তিলকা মাঝীয়ে বৃটিছ কালেক্টৰ ক্লীভলেণ্ডক হত্যা কৰি স্বাধীনতা আন্দোলনৰ সুচনা কৰিছিল ৷ধনুকাঁড়ৰেই এই যুদ্ধ অব্যাহত আছিল ৷
অৱশ্যে চতুৰ বৃটিছে কৌশলেৰে তিলকা মাঝিক কৰায়ত্ব কৰি তিনিদিন
ধৰি ঘোৰাৰে চোচৰাই অৱশেষত ফাঁচীৰ আদেশ দিয়ে ৷ইয়াৰ পিছতো চাওঁতাল সকল ক্ষান্ত হোৱা নাছিল ৷
বৃটিছৰ শাসনৰাজ ওফৰাই পেলাবৰ বাবে উমি উমি হোৱা বিদ্ৰোহৰ জুইকুৰা ১৮৫৫/৫৬ চনত পুনৰ সশস্ত্ৰ বিদ্ৰোহেৰে আৰম্ভ হৈছিল ৷ দুখৰ বিষয় স্বাধীনতা সংগ্ৰামৰ ইতিহাসত আদিবাসী চাওঁতাল সমাজৰ এই সংগ্ৰামক স্বীকৃতি দিয়া নাই ৷ চাওঁতাল সকল হল ভাৰতৰ আদিম জনগোষ্ঠী আৰু সহজ সৰল হোৱাৰ বাবেই হয়তো ইতিহাসত স্থান বা যথোপযুক্ত সন্মান দিয়া নাই ৷ কু-ষড়যন্ত্ৰ বলি হৈ ভুমিপুত্ৰ চাওঁতাল সকল আজি পৰ্যন্ত ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ ৰল ৷ যদিও চাওঁতাল সকলে এই মহাবিদ্ৰোহক লৈ গৰ্ববোধ কৰে ৷শোষিত মানুহৰ শোষণহীন সমাজ প্ৰতিষ্ঠাৰ হেতু বৃটিছৰ বিৰুদ্ধে আপোচহীন মহান গণ সংগ্ৰামেই ঐতিহাসিক চাওঁতাল বিদ্ৰোহ ৷ ভাগনাডিহিৰ ঐতিহাসিক গণ সমাবেশৰ পাছতেই সিদ্ধান্ত অনুসৰি হাজাৰ হাজাৰ নিপীড়িত আদিবাসী সকলে কলিকতা অভিমুখে প্ৰায় এশ চল্লিশ মাইল দুৰত্ব অতিক্ৰম কৰি পদযাত্ৰা কৰিছিল ৷
প্ৰায় কেইবাদিন ধৰি হোৱা এই পদযাত্ৰাই মাও-চেঙ-তুঙৰ দীৰ্ঘ পদযাত্ৰাকো চেৰ পেলোৱা বহু পুৰ্বেই হোৱা আদিবাসী চাওঁতাল সকলৰ এক ঐতিহাসিক পদযাত্ৰা ৷এই মুক্তিকামী গন সংগ্ৰামেই ভাৰতৰ অন্যান্য নিপীড়িত শোষিত লোকক শক্তিশালী কৰাৰ লগতে উদ্ধুদ্ধ কৰি তোলে ৷নিসন্দেহেই চাওঁতাল সকলৰ এই বিদ্ৰোহ এক মহান বিদ্ৰোহ ৷তৎস্বত্বেও চাওঁতাল বিদ্ৰোহ সম্পৰ্কে সাংবাদিক ,ইতিহাসবিদ সকলে চাওঁতাল সকলৰ জাতীয় মুক্তিকামী চেতনাক লিখাৰ আগ্ৰহ প্ৰকাশ নকৰাতো পৰিতাপৰ বিষয় ৷মাত্ৰ বাজপেয়ীৰ দিনত সিধু-কানহুৰ ডাক টিকট উন্মোচন কৰিয়ে চৰকাৰে দায় সামৰে ৷সম্প্ৰতি চাওঁতাল সকলে শোষিত,নিস্পেষিত,বঞ্চিত হৈয়ে ৰল ৷
বৰঞ্চ আৰ্থসামাজিক শোষণ,নিপীড়ন,বঞ্চনা ,প্ৰবঞ্চনা আৰু বৃদ্ধিহে পাইছে ৷ অৱসান ঘটিবনে এই শোষন,বঞ্চনা আৰু প্ৰতাৰণাৰ ? আহক আমি প্ৰতি প্ৰত্যেকেকেই ভাৰতৰ স্বাধীনতা আন্দোলনত সিধু-কানহুৰ আত্ম বলিদানক শ্ৰদ্ধাৰে স্মৰণ কৰি সেই ঐতিহাসিক ৩০জুন দিনটোক “চাওঁতালী জাতীয় সংহতি দিৱস ” (ৰানাজ’ত হুল মাহা”)হিচাবে সুৱঁৰি বীৰ শ্বহীদ গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জনাও ৷
লেখক ৰমেশ চন্দ্ৰ চৰেণ
Leave a Reply