বিশ্বনাথৰ সুৰা বিপনী – সুৰা বেপাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত ছাত্ৰ সন্থা

বিশ্বনাথত এবাৰ সুৰা বিপনী নতুনকৈ খুলাক লৈ তীব্ৰ বিৰোধিতা জনাই বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাই।

উল্লেখযোগ্য যে বিশ্বনাথ জিলা আৰু উজনি অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ বিশ্বনাথ মহাবিদ্যালয় , বিশ্বনাথ কৃষি মহাবিদ্যালয় , বিশ্বনাথ বাণিজ্য মহাবিদ্যালয় , গ্লোবেল একাডেমী , সৎ সংঘ , বিশ্বনাথ অভ্যাসন বিদ্যাপীঠ , বি. এড. কলেজ , শিশুউদ্যানকে ধৰি বিভিন্ন চৰকাৰী  কাৰ্য্যালয় লগতে  গুৰুত্বপূৰ্ণ কাৰ্য্যালয়লৈ যোৱা সংযোগী মূল পথটিত  নতুনকৈ সুৰাৰ বিপনী খুলিবলৈ যো-জা চলাই থকা খবৰ লাভ কৰিছে সদৌ অসম ছাত্ৰ সন্থা বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিয়ে। ইফালে এই সুৰা বিপনী সম্পূৰ্ণ  বিৰোধিতাৰে আৰু অচিৰেই বৈধ-অবৈধ সকলো সুৰা বিপনী – সুৰা বেপাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কৰিবলৈ বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাই বুধবাৰে   (22.06.2022 ) বিশ্বনাথ মহাবিদ্যালয় ছাত্ৰ একতা সভা আৰু বিশ্বনাথ মহাবিদ্যালয় আছু গোটৰ অভিযোগৰ ভিত্তিত বিশ্বনাথ বিধান সভা সমষ্টিৰ  বিধায়ক বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাই স্মাৰক পত্ৰ প্ৰদান কৰে।
পূৰ্বে বিশ্বনাথ মহকুমা ছাত্ৰ সন্থা , নগৰ সমিতি আৰু সচেতন ৰাইজে সংশ্লিষ্ট বিভাগক স্মাৰক পত্ৰ দিয়াৰ পাছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ ফলত পুনৰ বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাই এই স্মাৰক পত্ৰ প্ৰদান কৰে বুধবাৰে।

যদি এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা নলয় তেন্তে অনাগত দিনত সমূহ মহাবিদ্যালয় ছাত্ৰ ছাত্ৰী ,আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত সমূহ শাখা ছাত্ৰ সন্থা কৰ্মকৰ্তা আৰু সচেতন ৰাইজৰ সহযোগত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী লোৱা ও হুংকাৰ দিয়ে আছুৱে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*