■ নলবাৰী : ২০ ফেব্ৰুৱাৰীত বিশ্ৰুত আৰু বন্দিত সাহিত্যিক, চিত্ৰ নিৰ্মাতা, নাট্যকাৰ, পৰিচালক, শিক্ষাবিদ, অসমপ্ৰাণ, পদ্মশ্ৰী ভবেন্দ্ৰনাথ শইকীয়াৰ ৯০ সংখ্যক জন্ম দিৱস উপলক্ষে নলবাৰী জিলা সাহিত্য সভাৰ সৌজন্যত আৰু জলখানা ভঠুৱাখানা শাখা সাহিত্য সভাৰ উদ্যোগত শাখা সভাৰ কাৰ্যালয় প্ৰাংগণত ডঃ ভবেন্দ্ৰনাথ শইকীয়া স্মৃতি অনুষ্ঠানৰ আয়োজন কৰা হয়। নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই আঁত ধৰা এই অনুষ্ঠানত ডঃ ভবেন্দ্ৰনাথ শইকীয়াৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই । শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান মুকলি কৰে অসমীয়া খবৰ কাকতৰ উপ সম্পাদক হেমাংগ গোস্বামীয়ে ।
Leave a Reply Cancel reply