বছৰৰ পহিলা দিনটো স্মৰণীয় হৈ ৰ’ব
চৰকাৰী বিদ্যালয়ৰ নেতিবাচক খবৰৰ মাজত নিশ্চিতকৈ এয়া ইতিবাচক খবৰ


প্ৰতিবেদক, মায়ং,১জানুৱাৰী:
মৰিগাঁও জিলাৰ মায়ং শিক্ষা খণ্ডৰ অধীনস্থ পবিতৰা মণ্ডল সমল কেন্দ্ৰৰ পূৱ মায়ং মজলীয়া বিদ্যালয়ত
বিদ্যালয়ৰ ব্যক্তিগত উদ্যোগত
হোমেন বৰগোহাঞি পুথিভঁৰাল আৰু জিতেন্দ্ৰ নাথ গোস্বামী বিজ্ঞানাগাৰ শুভ উদ্বোধন হয়। মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই হোমেন বৰগোহাঞি পুথিভঁৰালৰ উদ্বোধন কৰাৰ লগতে ড° জিতেন্দ্ৰ নাথ গোস্বামী বিজ্ঞানাগাৰটি উদ্বোধন কৰে বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া বুলি গগৈ ভূঞা ।গণিতৰ প্ৰাচীৰ পত্ৰিকাখনি উন্মোচন কৰে– মায়ং শিক্ষা খণ্ড বিষয়া দয়াকৃষ্ণ গগৈ আৰু বিজ্ঞানৰ প্ৰাচীৰ পত্ৰিকাৰ শুভ উন্মোচন কৰে –জিলা আঁচনি বিষয়া লক্ষীনন্দন শইকীয়া ।এক পৃথিৱী ক্ৰিয়াশীলতা কোঠাৰো শুভ উন্মোচন হয়। উন্মোচক –বিদ্যালয় সহ পৰিদৰ্শক ছফিকুল আনছাৰী। অধিবক্তা কুমুদ মেধি সভাপতিত্ব কৰা অনুষ্ঠানটি পবিতৰা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক নৱ ৰাজনে আঁত ধৰে। অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰে বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰামচন্দ্ৰ নাথ।বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে–মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰতিস্থাপক অধ্যক্ষ ড° ফণীভূষণ নাথ ।বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰতিস্থাপক সভাপতি ৰামচন্দ্ৰ শইকীয়া,সাংবাদিক নজৰুল ইছলাম,বি আৰ পি ভৱেশ ঠাকুৰীয়া,বি আৰ পি মধুলেখা ডেকা,চি আৰ চি চি জিতেন শইকীয়া ,গম্ভীৰ ডেকা, যুৱ শৰ্মা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সদস্যসকলৰ লগতে মায়ং অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষকসকল উপস্থিত থাকে। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দিলিপ মেধিয়ে বিদ্যালয়ৰ পতাকা উত্তোলনেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰে।
বন্তি প্ৰজ্বলন কৰে–কুশল মেধি, প্ৰতিস্থাপক সম্পাদক, বিদ্যালয় পৰিচালনা সমিতি।স্মৃতি তৰ্পক–সত্যেন্দ্ৰ লহকৰ, অৱসৰপ্ৰাপ্ত শিক্ষক
শ্বহীদ তৰ্পক–ৰামচন্দ্ৰ শইকীয়া , প্ৰতিস্থাপক সভাপতি, বিদ্যালয় পৰিচালনা সমিতি।

Be the first to comment

Leave a Reply

Your email address will not be published.


*