31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    দুদিনীয়িকৈ অনুষ্ঠিত হ’ল পঞ্চম জলচৰ পক্ষী গণনা বিশ্বনাথ কেন্দ্ৰীয় বনাঞ্চলিকৰ শিবিৰ সমুহতো সফল সামৰণি পক্ষী গণনা

    দুদিনীয়িকৈ অনুষ্ঠিত হ’ল পঞ্চম জলচৰ পক্ষী গণনা ## বিশ্বনাথ কেন্দ্ৰীয় বনাঞ্চলিকৰ শিবিৰ সমুহতো সফল সামৰণি পক্ষী গণনা

    কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়াকৈ আৰম্ভ হৈছে ২০২২-২৩ বৰ্ষৰ পঞ্চম জলচৰ পক্ষী গণনা ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্পত পঞ্চম কাজিৰঙা পক্ষী গণনাত উদ্যান খনৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ ১১৮ টা জলাশয় সামৰি লোৱা হৈছে ।

     

    অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পক্ষী বিশেষজ্ঞৰ উপস্থিতিত তিনি শতাধিক গণনাকাৰী পক্ষী গণনা প্ৰক্ৰিয়াত এইবাৰ নিয়োজিত কৰা হৈছে। সমান্তৰালকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ পাৰ তথা বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডল অধিস্থিত বিশ্বনাথ কেন্দ্ৰীয় বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বন শিবিৰ সমুহতো আজি পুৱাৰে পৰা আৰম্ভ হয় এই ২০২২-২৩ বৰ্ষৰ পক্ষী গণনা প্ৰক্ৰিয়া। এই গাণনিক প্ৰক্ৰিয়াত বিভিন্ন বেচৰকাৰী সংস্থা, ৱাইল্ড হাৰ্ট ফাউণ্ডেচনৰ লগতে বহু কেইজন পক্ষী বিশেষজ্ঞ‌ই অংশগ্ৰহণ কৰে।

    উল্লেখ্য যে ২০১৮-১৯ বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনত সম্পন্ন হোৱা প্ৰথমটো গণনাত ১১ হাজাৰ ৫০০ পক্ষী থকাৰ বিপৰীতে ২০২১-২২ বৰ্ষত হোৱা চতুৰ্থ গণনাত ১৯ হাজাৰ ২২৫ টা পক্ষী থকাৰ তথ্য পোৱা গৈছিল ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds