31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    ৰাষ্ট্ৰীয় মিডিয়া সমন্বয়ৰক্ষী সমিতিত বিধায়ক জয়ন্ত মল্ল বৰুৱা

    ৰাষ্ট্ৰীয় মিডিয়া সমন্বয়ৰক্ষী সমিতিত বিধায়ক জয়ন্ত মল্ল বৰুৱা

    নলবাৰী -ঘগ্ৰাপাৰত বিজেপিৰ কাৰ্যকৰ্তাৰ মাজত উল্লাস

    বছৰটোৰ শেষৰ দিনত আগন্তুক উত্তৰ প্ৰদেশ, পঞ্জাৱ, গোৱা, মণিপুৰ আৰু উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই গঠন কৰা “ৰাষ্ট্ৰীয় মিডিয়া সমন্বয়ৰক্ষী সমিতি” খনত নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰক অন্তৰ্ভুক্ত কৰাত নলবাৰী সমষ্টিবাসীৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা সকলোৱে আনন্দ, উল্লাষ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। ইফালে গৃহ সমষ্টি নলবাৰী তথা মংগলদৈ লোক সভা সমষ্টিৰ সাংসদ, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই বিজেপিৰ কেন্দ্ৰীয় সমিতিয়ে বিধায়ক জয়ন্ত মল্ল বৰুৱাক আগন্তুক পাছ ৰাজ্যৰ সাধাৰণ নিৰ্বাচনত ৰাষ্ট্ৰীয় মিডিয়া সমন্বয়ৰক্ষী সমিতিত অন্তভূক্ত কৰাত সন্তোষ প্ৰকাশ কৰে। আনহাতে বিজেপিৰ নলবাৰী জিলা সমিতিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰে উল্লাস প্ৰদৰ্শন কৰি কয় যে- ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় সমিতিয়ে আমাৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাক ৰাষ্ট্ৰীয় মিডিয়া সমন্বয়ৰক্ষী সমিতিত অন্তৰ্ভুক্ত কৰাত আমি গৌৰৱ অনুভৱ কৰিছোঁ। বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাসহ দলীয় কাৰ্যকৰ্তাসকলে উৎফুল্লিত হৈ বিধায়কগৰাকীক অভিনন্দন জ্ঞাপন কৰে। উল্লেখ্য যে নিৰ্বাচনত মিডিয়াৰ সৈতে সমন্বয় ৰক্ষা আৰু পৰিকল্পনা প্ৰস্তুত কৰাত বিশেষ ভূমিকা পালন কৰিবলগীয়া এই ২০জনীয়া মিডিয়া ৰাষ্ট্ৰীয় সমন্বয় ৰক্ষী সমিতিখনত থকা আন সদস্যসকল হ’ল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ প্ৰভূ, ৰাজ্যসভাৰ সাংসদ ব্ৰীজ লাল, ৰাষ্ট্ৰীয় কাৰ্যকাৰি সদস্য বিনয় সহস্ৰবুদ্ধি, ত্ৰিপুৰাৰ ৰাজ্যিক সভাপতি মানিক সাহা, ৰাষ্ট্ৰীয় মুখপাত্ৰ ডঃ সুধাংশু ত্ৰিৱেদী, ৰাজ্যৱৰ্ধন সিং ৰাঠোড়, ৰাষ্ট্ৰীয় আই টি আহ্বায়ক অমিত মালব্য, সাংসদ অনুৰাগ শৰ্মা, যুগল কিশোৰ শৰ্মা, মেঘালয়ৰ প্ৰাক্তন মন্ত্ৰী এ এল হেক, ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় উপ সভাপতি ডঃ অভিনৱ প্ৰকাশ আদি।

    নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds