31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    ৰঙাপৰাত দিৱা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা : চুড়ান্ত খেলত ৰঙাপৰাৰ এ আৰ এলিভেন দলৰ জয়লাভ

    ◆ ৰঙাপৰা• ৰঙাপৰা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ৰঙাপৰা এন.এফ ৰে’লৱে মজদূৰ ইউনিয়নৰ সহযোগত ৰঙাপৰা ৰে’লৱে খেল পথাৰত অনুষ্ঠিত হৈছে দিবা নৈশ প্ৰাইজ মানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা।

    উল্লেখযোগ্য যে এই প্ৰতিযোগিতাখন যোৱা ২৩ ফেব্ৰুৱাৰী পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাত মুঠ ৩০ টা দলে অংশগ্ৰহণ কৰিছিল।

    আনহাতে কালি নিশা অনুষ্ঠিত হোৱা চুড়ান্ত প্ৰতিযোগিতাত ৰঙাপৰা এ আৰ এলেভেন আৰু মাজবাট ক্ৰীকেট দলৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাখনৰ চুড়ান্ত খেলত ৰঙাপৰা এ আৰ এলেভেনে সহজে জয়লাভ কৰে।

    মাজবাট ক্ৰীকেট দলে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ৫ অ’ভাৰত ৪৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ৰঙাপৰাৰ এ আৰ এলেভেন দলে সহজে বিজয় লাভ কৰে।

    প্ৰাইজমনী প্ৰতিযোগিতাৰ নগদ পুৰস্কাৰ ৩০,০০০ টকা তৰাজুলি চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰয়াত শষধৰ হাজৰিকাৰ সোৱৰণত তেওঁৰ নাতি দ্বয় অসমৰ মূখ্য মন্ত্ৰী চৰকাৰী সচিব তুহিন হাজৰিকা আৰু ৰানা হাজৰিকাই আগবঢ়াই।

    উল্লেখ্যযে কালি অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত ৰঙাপৰা আৰক্ষী থানাৰ প্ৰভাৰী বিষয়া হিতেশ শৰ্মা, ৰঙাপৰা প্ৰেছ ক্লাবৰ সভাপতি সুনিল মৰ,ৰঙাপৰা ক্ৰীড়া সন্থাৰ সভাপতি বিৰোজ শইকীয়া,সম্পাদক আব্দুল ৰহিম,ৰঙাপৰা প্ৰেছ ক্লাৱৰ সহকাৰী সম্পাদক চাহিন আহমেদ, প্ৰেছ ক্লাবৰ উপদেষ্টা বিমান মণ্ডল,ৰঙাপৰা ৰে’লৱে চিকিৎসালয়ৰ মুখ্য চিকিৎসক ডঃ ৰামকেশ প্ৰশাদ,উদযাপন সমিতিৰ সহ সম্পাদক অসীম ডেকা, খেল সম্পাদক মজিবুৰ ৰহমান(গামা),সম্পাদক উৎপল দত্ত, সুৰেন্দ্ৰ সাহ আৰু বহু গন্য মান্য ব্যক্তি অংশগ্ৰহণ কৰে।

    দিৱা-নৈশকৈ অনুষ্ঠিত হোৱা এই ক্ৰীড়া সমাৰোহৰ জৰিয়তে অঞ্চলটোৰ ক্ৰীড়াবিদসকলক এটি সুন্দৰ পৰিৱেশ দিবলৈ চেষ্টা কৰিছে উদ্যোক্তাসকলে কয়। খেল আৰম্ভ হোৱাৰ পাছৰে পৰা ৰঙাপৰা ৰে’লৱে খেলপথাৰত উদুলি-মদুলি পৰিৱেশৰ সৃষ্টি হয়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds