31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    ৫ সমষ্টিত ফুলিল মিত্ৰজোঁট পদুম, ৰাইজৰ দল, কংগ্ৰেছ,বিফি এফ এ আই ইউ ডি এফ শূন্য :

     

    অসম খবৰ ২  নৱেম্বৰ ডিজিটেল ডেস্কঃ

     

    ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনত শাসনাধিস্থ মিত্ৰ জোঁট দলৰ জয়যাত্ৰা।

    ৰাজ্য ৫ সমষ্টিত মিত্ৰ জোট বিজেপি দলৰ তৰফৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল।
    ইয়াৰ ভিতৰত ৩ টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জয় আৰু আন দুটা সমষ্টিত মিত্ৰ জোট দলৰেই আন ২ টা সমষ্টিৰ বিজেপি মিত্ৰদল ইউ পি পি এলে জয়লাভ কৰে।

    উল্লেখযোগ্য যে
    ২৮ নং গোসাগাওঁ সমষ্টি
    ২৮ নং গোসাইগাওঁ সমষ্টিত ইউ পি পি এলৰ প্ৰাৰ্থী জলেন দৈমাৰীয়ে উপ-নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হৈছে।

    ১৪ টা ৰাউণ্ডত অন্তত ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিলে ১৪০৫ টা ভোট। তেওঁ সৰ্বমুঠ ভোট লাভ কৰিছে ৫৮,২৭৮ টা ভোট। কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৩০,৩৪২ আৰু বি পি এফৰ প্ৰাৰ্থীগৰাকীয়ে ২০,১৭৮ টা ভোট লাভ কৰিছে। সেই অনুসৰি জলেন দৈমাৰীয়ে মুঠ ২৭,৯৩৬ টা ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে।

    আনহাতে গোসাইগাওঁ সমষ্টিৰ
    বিধানসভাৰ নিৰ্বাচনত এই সমষ্টিৰ পৰা বিপিএফ প্ৰাৰ্থী মজেন্দ্ৰ নাৰ্জাৰীয়ে ১০ হাজৰৰো অধিক ভোটৰ ব্যৱধানত ইউ পি পি এলৰ সোমনাথ নাৰ্থীক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল।
    ৪১ নং ভৱানীপুৰ সমষ্টি
    ভৱানীপুৰ সমষ্টিত জয়লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থী ফণী তালুকদাৰে।ফণী তালুকদাৰে ২৫,০৩১ টা ভোটত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে।তেওঁ মুঠ ভোট লাভ কৰিছে ৬৩, ৩৫৫ টা ভোট।
    বিজেপিত যোগদান কৰি পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ফণী তালুকদাৰে এইবাৰ ২৫ হাজৰৰো অধিক ভোটৰ ব্যৱধানত জয় লাভ কৰিবলৈ সক্ষম হৈছে।
    ১০১ নং মৰিয়নি সমষ্টিত নবিজেপি ৰূপজ্যোতি কুৰ্মীয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। ৰূপজ্যোতিয়ে ৪০,১৬৮ টা ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে।

    এইবাৰ ৪০ হাজাৰৰো অধিক ভোটত বিজয় সাব্যস্ত কৰি ৰেকৰ্ড সৃষ্টি কৰিছে।

    ১০৭ নং থাওৰা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইয়ে ২৯,৯৩১ টা ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। সুশান্তই মুঠ ভোট লাভ কৰিছে ৫৩,২৮০ টা ভোট।
    ৫৮ নং তামুলপুৰ সমষ্টিত ইউ পি পি এলৰ প্ৰাৰ্থী জলেন দৈমাৰী ৪৯,৪৭৮ টা ভোটৰ ব্যৱধানত জয় হয়। এই বাৰ বিজেপি দল এক বৃহৎ জয় হোৱা দেখা গ’ল।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds