31.3 C
Guwahati
Sunday, February 15, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    ২০২৪-২৫ বৰ্ষৰ চি বি এছ ই ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপৰ ১০ মিটাৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জৰ পদক অৰ্জন কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰীৰ

    গুৱাহাটীঃ শেহতীয়াকৈ অনুষ্ঠিত হোৱা ২০২৪-২৫ বৰ্ষৰ চি বি এছ ই ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলে। বিদ্যালয়খনৰ একাদশ শ্ৰেণীৰ ছাত্ৰী এঞ্জেল মহন্তই প্ৰতিযোগিতাখনিৰ ১০ মিটাৰ পিষ্টল শ্বুটিঙত ভাগ লৈ ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিছতে আনন্দৰ বন্যা নামে মডাৰ্ণ ইংলিছ স্কুললৈ।

    এই গৌৰৱময় কৃতিত্বৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়খনৰ অধ্যক্ষা শ্ৰীমতী জোনালী দাসে কয়, “ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা চি বি এছ ই নেশ্যনেল শ্বুটিং চেম্পিয়নশ্বিপৰ ১০ মিটাৰ পিষ্টল শ্বুটিং ইভেণ্টত তৃতীয় স্থান দখল কৰি আমাৰ বিদ্যালয়ৰ ছাত্ৰী এঞ্জেল মহন্তই সমগ্ৰ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ একাগ্ৰতা, কঠোৰ পৰিশ্ৰম আৰু লক্ষ্যত উপনীত হোৱাৰ প্ৰবল বাসনাই তেওঁক এই ঈৰ্ষণীয় সফলতা প্ৰদান কৰিছে। ৰাষ্ট্ৰীয় মঞ্চত তেওঁৰ দক্ষতা আৰু খেলৰ প্ৰতি দায়িত্বশীল মনোভাৱে আজি মডাৰ্ণ ইংলিছ স্কুলক সঁচাকৈয়ে অতিশয় গৌৰৱাম্বিত কৰিছে।”

    উল্লেখ্য যে, বৰ্তমান চলি থকা চি বি এছ ই ক্লাষ্টাৰ-১ প্ৰতিযোগিতাত মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে ডবা, যোগাসন, টেবুল টেনিছ, এথলেটিকছ, ২০০ মিটাৰ আৰু ১৫০০ মিটাৰ দৌৰ প্ৰতিযোগিতাকে ধৰি বিভিন্ন প্ৰতিযোগিতাত দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

    ইফালে, মডাৰ্ণ ইংলিছ স্কুলে গুৱাহাটীৰ খানাপাৰাৰ গণেশ মন্দিৰ ইনড’ৰ ষ্টেডিয়ামত চলিত বৰ্ষৰ ২৪ ছেপ্টেম্বৰৰ পৰা ২৬ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হোৱা ২০২৪ বৰ্ষৰ চি বি এছ ই ক্লাষ্টাৰ-১ বেডমিণ্টন প্ৰতিযোগিতাখনিৰো সাফল্যপূৰ্বক আয়োজন কৰে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.